অসম আহি পালে সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ; পত্নী গৰিমা গাৰ্গে চমজি ল'লে শিল্পীগৰাকীৰ নশ্বৰদেহ

Story by  atv | Posted by  Munni Begum • 5 h ago
 শিল্পী জুবিন গাৰ্গৰ নশ্বৰদেহ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা তেওঁৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ অনা দৃশ্য
শিল্পী জুবিন গাৰ্গৰ নশ্বৰদেহ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা তেওঁৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ অনা দৃশ্য
 
গুৱাহাটী
 
পুৱা প্ৰায় ৬.৩৫ বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে জুবিন গাৰ্গৰ নশ্বৰদেহ লৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনে। বিমানবন্দৰত পত্নী গৰিমা শইকীয়া গাৰ্গে চমজি ল'লে শিল্পীগৰাকীৰ নশ্বৰদেহ।
 
নতুন দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ AXB1197 নম্বৰৰ বিমানেৰে অসমলৈ অনা হৈছে সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰদেহ। পুৱতি নিশা ৪.৩৫ মিনিটত দিল্লীৰ পৰা অসমলৈ উৰা মাৰিছিল জুবিন গাৰ্গৰ নশ্বৰদেহ লৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনে।
 
শিল্পীগৰাকীৰ নশ্বৰদেহ বিমানবন্দৰৰ পৰা তেওঁৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ অনা হৈছে। তাত পৰিয়ালে শেষ শ্ৰদ্ধা জনোৱাৰ পিছতে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সলৈ লৈ যোৱা হ'ব। য'ত অনুৰাগী তথা গুণমুগ্ধসকলে শেষবাৰৰ বাবে মৰমৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। 
 
সৰুসজাই ষ্টেডিয়ামত (অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্স) শিল্পীগৰাকীক শেষবাৰৰ বাবে চোৱাৰ বাবে অপেক্ষা অনুৰাগীৰ
 
অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই জানিবলৈ দিয়ে যে, কাহিলীপাৰাৰ ঘৰৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ (অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্স) শিল্পীগৰাকীৰ নশ্বৰদেহ লৈ যোৱা হ'ব। পৰিয়ালে যিমান সময় বিচাৰে সিমান সময় প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰদেহ ঘৰত ৰাখিব পাৰিব। সৰুসজাই ষ্টেডিয়ামত অনুৰাগীসকলে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। যাৰ বাবে ষ্টেডিয়ামত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। শ শ আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।
 
নিশাৰে পৰা শ শ অনুৰাগীয়ে সৰুসজাই ষ্টেডিয়ামত ভিৰ কৰা দেখা গৈছে। সকলোৱে কেৱল মৰমৰ শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে চাবলৈ গভীৰ উৎকণ্ঠাৰে ৰৈ আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে গুৱাহাটী অভিমুখে হাজাৰ হাজাৰ অনুৰাগীৰ আগমন ঘটিছে।
 
ইফালে বিমানবন্দৰত অজস্ৰ গুণমুগ্ধৰ ভিৰ। নিশাৰে পৰা মৰমৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে চাবলৈ অপেক্ষা কৰি আছিল অনুৰাগীসকলে। শিল্পীগৰাকীৰ নশ্বৰদেহ আহি পোৱাৰ লগে লগে শোকত ভাগি পৰিছে অনুৰাগীসকল।