ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা
বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা
 
গুৱাহাটী 
 
সোমবাৰে মহাপ্ৰয়াণ ঘটে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ আন এক ভোটাতৰা তথা আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ। চেন্নাইত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় দীপক শৰ্মাৰ। বিশিষ্ট বাঁহীবাদকগৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।
 
আনহাতে, দীপক শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি।
 
দীপক শৰ্মাৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। আনহাতে, দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ চেন্নাইৰ পৰা অনাৰ বাবে ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰিছে। 
 
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এটা অপূৰণীয় ক্ষতি। তেখেতৰ পাৰ্থিৱ শৰীৰ আমি চেন্নাইৰ পৰা অনাৰ ব্যৱস্থা কৰিছোঁ। আমি ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ অন্তিম যাত্ৰাত শ্ৰদ্ধা জনাম।  মই ভাবোঁ তেওঁ ইমান ভাল বাঁহী বজোৱা আৰু বহু গভীৰতালৈ গৈ বাঁহী বজাব পাৰিছিল। কেৱল অসমতে নহয় দেশতে তেনেকুৱা শিল্পীৰ সংখ্যা বহু কম।"
 
উল্লেখ্য যে, বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা  যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনে চিকিৎসাধীন হৈ আছিল। চেন্নাইত চিকিৎসাধীন অৱস্থাত আজি পুৱা ৬.১৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।