সংকটজনক অৱস্থাত চেন্নাইৰ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন বিশিষ্ট বাঁহীবাদক দিপক শৰ্মাৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
বাঁহীবাদক দিপক শৰ্মা
বাঁহীবাদক দিপক শৰ্মা
 
গুৱাহাটী  
 
অলপতে অসমৰ বিশিষ্ট বাঁহীবাদক দিপক শৰ্মাৰ স্বাস্থ্যৰ অৱনতি ঘটাত চেন্নাইৰ ৰেলা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। যকৃত ৰোগত আক্ৰান্ত শিল্পী গৰকীৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক। উন্নত চিকিৎসাৰ বাবে তেওঁ আই চি ইউত চিকিৎসাধীন হৈ আছে। অসমীয়া সংগীত আৰু সংস্কৃতিলৈ অপৰিসীম অৱদান আগবঢ়োৱা শিল্পীগৰাকীয়ে বৰ্তমান জীৱনৰ বাবে যুঁজি আছে।  
 
বুধবাৰে শিল্পীগৰাকীৰ সহধৰ্মিনী জিনা শৰ্মাই সামাজিক মাধ্যমত এক পোষ্টত লিখিছে, "মোৰ স্বামী দীপক শৰ্মা বৰ্তমান চেন্নাইৰ ৰেলা হাস্পতালত আই চি ইউত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। তেওঁক বৰ্তমান ভেণ্টিলেটৰত ৰখা হৈছে। তেওঁৰ অৱস্থা বৰ্তমান বহুতে বেয়া। সকলোৱে আশীৰ্বাদ কৰিব যাতে মানুহজন সোনকালে ভাল হৈ উঠে।" 
 
 
উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিল্পী দিপক শৰ্মাক চলি থকা চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছিল। মুখ্যমন্ত্রীৰ কার্যালয়ে মুখ্যমন্ত্রীৰ সাহায্য পুঁজি, অসমৰ পৰা ৫,০০,০০০ টকাৰ চেক শর্মাৰ বাবে মুকলি কৰি দিয়ে, যাতে তেওঁৰ চলি থকা চিকিৎসা সেৱাত সহায় হয়৷ 
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল, "দিপক শৰ্মা অসমৰ বাবে এক মূল্যৱান সম্পদ। আমাৰ প্ৰাৰ্থনা তেওঁৰ লগত আছে, আৰু তেওঁৰ আশু আৰোগ্যৰ আশা কৰিছো।এই সময়ছোৱাত তেওঁৰ সুস্বাস্থ্য আৰু শক্তিৰ কামনাত সকলোকে আমাৰ সৈতে যোগদান কৰিবলৈ আমি আহ্বান জনাইছো।"