গুৱাহাটী
	 
	গুৱাহাটী পালেহি অসম গৌৰৱ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ৷ উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ যোৱা দীপক ঘূৰি আহিল কফিনতহে৷ চেন্নাইৰ পৰা এখন বিশেষ ইণ্ডিগ’ বিমানেৰে তেওঁৰ মৃতদেহ কঢ়িয়াই অনা হয়৷ অন্তিমবাৰ তেওঁক কাষৰ পৰা চাবলৈ বিমানবন্দৰত ভিৰ কৰে অনুৰাগীসকলে৷ 
	 
	প্ৰশাসনৰ কটকটীয়া নিৰপত্তাৰ ব্যৱস্থাৰ মাজেৰে বিমানবন্দৰৰ পৰা শিল্পীগৰাকীৰ নিথৰদেহ পোনে পোনে গুৱাহাটীৰ অম্বিকাগিৰি নগৰত থকা তেওঁৰ বাসগৃহলৈ লৈ যোৱা হয়৷ য’ত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ লোকসকলে পৰম্পৰাগত ৰীতি-নীতি পালন কৰে। 
	 
	পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ তেওঁৰ মৃতদেহ সেউজ সংঘত ৰখা হ’ব, যাৰ ফলত অনুৰাগী, সাংস্কৃতিক সংস্থা, আৰু প্ৰশংসকে তেওঁৰ আত্মাস্পৰ্শী বাঁহীৰ পৰিবেশেৰে অসমৰ সংগীত ঐতিহ্যক সমৃদ্ধ কৰা প্ৰশংসিত শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছত মৰ্ত্যৰ মৃতদেহ নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হ’ব শেষকৃত অনুষ্ঠানৰ বাবে। 
	 
	অসমীয়া সমাজ জীৱনৰ বাবে যথেষ্ট বৰঙণি আগবঢ়োৱা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদকগৰাকীৰ মৃত্যুৱে অসমীয়া সাংস্কৃতিক জগতখনৰ যথেষ্ট ক্ষতি কৰে বুলি বিভিন্নজনে মন্তব্য কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।