'বাইক এম্বুলেন্স দাদা' খ্যাত কৰিমুল হকৰ জীৱনৰ ওপৰত আধাৰিত টলিউড তাৰকা দেৱৰ ৫০সংখ্যক ছবি

Story by  atv | Posted by  Munni Begum • 2 h ago
কৰিমুল হকৰ জীৱনৰ ওপৰত আধাৰিত টলিউড তাৰকা দেৱৰ ৫০সংখ্যক ছবি
কৰিমুল হকৰ জীৱনৰ ওপৰত আধাৰিত টলিউড তাৰকা দেৱৰ ৫০সংখ্যক ছবি
 
শম্পী চক্ৰৱৰ্তী পুৰকায়স্থ
 
টলিউডৰ তাৰকা দেৱৰ ৫০ সংখ্যক ছবিখনৰ কাহিনী এজন প্ৰকৃত নীৰৱ নায়কৰ ওপৰত আধাৰিত হ'ব বুলি জানিব পৰা গৈছে। সেই নায়কজন হৈছে উত্তৰ বংগৰ মানৱ সেৱাৰ প্ৰতি উৎসৰ্গিত ব্যক্তি কৰিমুল হক। যিগৰাকীক মানুহে খুব সন্মান আৰু আদৰ কৰে আৰু সকলোৰে মাজত  তেওঁ 'বাইক এম্বুলেন্স দাদা' বুলি পৰিচিত।
 
শেহতীয়াকৈ কৰিমুল হকৰ অসুস্থতাৰ খবৰ পোৱাৰ পিছতে অভিনেতা দেৱে তেওঁক চাবলৈ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ ততাতৈয়াকৈ গৈছিল। বাস্তৱ জীৱনৰ ‘বাইক এম্বুলেন্স দাদা’ৰ সৈতে হোৱা সেই আৱেগিক সাক্ষাৎকাৰে কৰিমুল হকৰ অসাধাৰণ মানৱীয় যাত্ৰা আৰু তেওঁৰ ওপৰত নিৰ্মাণ হৈ থকা ছবিখন চৰ্চালৈ আহিছে।  
 
 
কাৰিমুল হক বৰ্তমান হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। তেওঁৰ বুকুত পেচমেকাৰ লগোৱা হৈছে। চিকিৎসকৰ মতে, তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ। দেৱে তেওঁৰ সৈতে হাস্পতালত থকা সময়ৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লিখিছে, "শীঘ্ৰে আৰোগ্য লাভ কৰক দাদা। প্ৰকৃত বাইক এম্বুলেন্স দাদা।" দেৱৰ এই পোষ্টটো মুহূৰ্ততে ভাইৰেল হৈ পৰে আৰু মানুহৰ মনত এক নতুন আলোড়ণৰ সৃষ্টি কৰিছে। 
 
উত্তৰ বংগৰ জলপাইগুৰি জিলাৰ এখন দুৰ্গম গাঁৱৰ পৰা অহা কৰিমুল হক আজি মানৱ সেৱাৰ এক জীৱন্ত প্ৰতীক। য'ত কোনো চৰকাৰী বা ব্যক্তিগত এম্বুলেন্স নোপোৱা দুৰ্গম গ্ৰাম্য অঞ্চলত কৰিমুল হকৰ মটৰবাইক হৈ পৰে সকলোৰে শেষ ভৰসা। 
 
কৰিমুল হকক সন্মান জনোৱাৰ এক মুহূৰ্ত
 
তেওঁ নিজৰ বাইকখনক এম্বুলেন্সলৈ ৰূপান্তৰিত কৰছে আৰু দিনে নিশাই, ধুমুহা, বৰষুণ বা  প্ৰচণ্ড ঠাণ্ডা আদি সকলো সময়তে ৰোগীৰ ওচৰলৈ দৌৰি যায়। তেওঁৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য হৈছে কোনো ধৰণৰ পাৰিতোষিক বা স্বীকৃতিৰ আশা নকৰাকৈ মানুহৰ জীৱন ৰক্ষা কৰা।
 
এই মানৱীয় অভিযানৰ আঁৰত নিহিত হৈ আছে এক গভীৰ ব্যক্তিগত বেদনা। সময়মতে এম্বুলেন্স নোপোৱাৰ বাবে কৰিমুল হকৰ মাতৃৰ মৃত্যু হৈছিল। সেই অসহায় অৱস্থাৰ স্মৃতিয়ে তেওঁক চিৰদিনৰ বাবে সলনি কৰি পেলাইছিল। তেওঁ দৃঢ় সংকল্প লৈছিল যে, কেৱল যাতায়তৰ অভাৱত আন কোনোৱে প্ৰাণ হেৰুৱাব নালাগে। সেই সংকল্পৰ পৰাই জন্ম হ’ল ‘বাইক এম্বুলেন্স দাদা’ৰ যাত্ৰা।
 
'কৰিমুল হক মানব সেৱা সমিতি'ৰ পোষ্টাৰ
 
ৰোগীৰ যাতায়াতৰ সমান্তৰালকৈ কৰিমুল হকে সমাজসেৱাৰ ক্ষেত্ৰখনো ক্ৰমান্বয়ে সম্প্ৰসাৰিত কৰিছে। তেওঁ ‘কৰিমুল হক মানৱ সেৱা সদন ছ’চাইটি’ স্থাপন কৰিছে। নিয়মীয়া ৰক্তদান শিবিৰ, স্বাস্থ্য পৰীক্ষা শিবিৰ, হুইল চেয়াৰ বিতৰণ, আৰু শীতকালীন কাপোৰৰ বিতৰণকে ধৰি বিভিন্ন সমাজ কল্যাণমূলক কাৰ্যসূচী এই সংস্থাৰ জৰিয়তে কৰা হয়। দুখীয়া আৰু অসহায়সকলৰ কাষত থিয় হৈ থকাটোৱেই তেওঁৰ জীৱনৰ একমাত্ৰ সাধনা আছিল। 
 
এই অদম্য মানৱ সেৱাৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে ২০১৭ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পুৰুষ দিৱস উপলক্ষে কলকাতা প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত অভিযান দাতব্য ন্যাসৰ দ্বাৰা প্ৰকাশিত ‘পুৰুষ কথা’ আলোচনীৰ উন্মোচনী অনুষ্ঠানত কৰিমুল হকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উত্তৰ বংগৰ বিশিষ্ট সমাজকৰ্মী মনোজ সাহাকো একে মঞ্চতে সম্বৰ্ধনা জনোৱা হয়।
 
'কৰিমুল হক মানব সেৱা সমিতি'য়ে ৰোগীক আগবঢ়োৱা স্বাস্থ্য পৰীক্ষা শিবিৰৰ এটি দৃশ্য
 
মন কৰিবলগীয়া কথা যে, কৰিমুল হকৰ মানৱ সেৱাৰ জীৱন আৰু কাহিনীৰ আধাৰত অভিনেতা দেৱৰ ৫০সংখ্যক ছবিখন নিৰ্মাণ কৰিবলৈ ওলাইছে। বাস্তৱ জীৱনৰ এজন নিৰৱ নায়কৰ সংগ্ৰাম, যন্ত্ৰণা আৰু মানৱতাৰ কাহিনী এতিয়া ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব। যদি সকলো পৰিকল্পনা অনুসৰি হয়, তেন্তে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। চিকিৎসালয়লৈ লৰালৰিকৈ অহা দেৱৰ সৈতে হোৱা মুখামুখিয়ে বাস্তৱ আৰু ৰূপালী পৰ্দাৰ মাজৰ ব্যৱধান আকৌ এবাৰ দূৰ কৰিছে।