Sat May 24 2025 10:06:21 AM
  • Follow us on
  • Subcribe

১৪ ডিচেম্বৰৰ পৰা জ্যোতি চিত্রবনত অনুষ্ঠিত হ'ব ব্রহ্মপুত্র ভেলী ফিল্ম ফেষ্টিভেল

Story by  atv | Posted by  Munni Begum • 1 Years ago
বি ভি এফ এফৰ সংবাদমেল
বি ভি এফ এফৰ সংবাদমেল
 
গুৱাহাটী
 
গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্রবনত ব্রহ্মপুত্র ভেলী ফিল্ম ফেষ্টিভেল চমুকৈ বি ভি এফ এফৰ আয়োজন কৰা হৈছে। এই ফেষ্টিভেল ১৪ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব বুলি বি ভি এফ এফৰ প্ৰতিষ্ঠাপক তথা মহোৎসৱৰ সঞ্চালিকা তনুশ্রী হাজৰিকাই জনায়। 
 
বৃহস্পইবাৰে জ্যোতি চিত্রবনত আয়োজিত এক সংবাদমেলত হাজৰিকাই তেওঁ সদৰী কৰামতে অষ্টমসংখ্যক এই ফিল্ম ফেষ্টিভেলত ত্রিশখন পূর্ণ দৈর্ঘ্যৰ চলচ্চিত্র, তথ্যচিত্ৰ আৰু চুটি ছবি প্রদর্শন কৰা হ'ব। এই ফিল্ম ফেষ্টিভেললৈ দুশৰো অধিক চলচ্চিত্ৰ আহিছে। ইয়াৰে ১২০ খনেই উত্তৰ-পূৰ্বাঞ্চলৰ। 
 
তনুশ্রী হাজৰিকাই কয়, "১৪ ডিচেম্বৰৰ বিয়লি তিনি বজাত এই চলচ্চিত্র মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। ১৭ ডিচেম্বৰৰ বিয়লি তিনি বজাত বঁটা প্ৰদানৰ পিচতে অষ্টমসংখ্যক ব্রহ্মপুত্র ভেলী ফিল্ম ফেষ্টিভেলৰ সামৰণি পৰিব। এইবাৰ দুখন স্ক্রীনত চলচ্চিত্রসমূহ প্রদর্শন কৰা হ'ব।" 
 
বি ভি এফ এফৰ প্ৰ'গ্রামিং সঞ্চালিকা পল্লৱী চুমকি বৰুৱাই জনোৱা মতে এই মহোৎসৱত কৃষ্ণ ডি কে, কেতকী পণ্ডিত, প্রকাশ ঝা, তনুজা চন্দ, লীনা যাদৱ, আদিল হুছেইন, ৰণী লাহিড়ী, হর্ষদ নালাৱাডে, মিৰাঞ্চা নায়ক আদি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।