অলিম্পিয়া চিনেমা গৃহত প্ৰদৰ্শিত হব 'বুম্বা ৰাইড'

Story by  atv | Posted by  Munni Begum • 1 Years ago
'বুম্বা ৰাইড'  চলচ্চিত্রৰ এক দৃশ্য
'বুম্বা ৰাইড' চলচ্চিত্রৰ এক দৃশ্য
গুৱাহাটী
 
কাঁ চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শিত হব অসমৰ মিচিং ভাষাৰ চলচ্চিত্র ‘বুম্বা ৰাইড’। অহা ২২ মে'ত  ফ্ৰান্সৰ অলিম্পিয়া চিনেমা গৃহত প্ৰদৰ্শন কৰা হ'ব। কাঁ চলচ্চিত্র মহোৎসৱত ভাৰত চৰকাৰে ফ্ৰান্সত ‘বুম্বা ৰাইড’ৰ লগতে ৬ খন ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে।  
 
বিশিষ্ট চলচ্চিত্র পৰিচালক বিশ্বজিৎ বৰা পৰিচালিত এই চিনেমাখনৰ মুখ্য প্ৰযোজক লুইত কুমাৰ বর্মন। সহকাৰী প্ৰযোজক বিশ্বজিৎ বৰা, কৌশিক হাজৰিকা আৰু বিনোদলাল দাস। 
 
উল্লেখযোগ্য যে ডাইৰেক্টৰেট অব ফিল্ম ফেষ্টিভেল, ইনফৰমেচন অব্ ব্রডকাষ্টিং আৰু এন এফ ডি প্ৰদৰ্শনৰ বাবে কেইবাখনো চলচ্চিত্ৰৰ মাজৰ পৰা ‘বুম্বা ৰাইড’কৈ ধৰি আন ৫ খন ছবি বাছনি কৰিছে। বাছনিকৃত আন ৫ খন ছবি হ’ল ক্ৰমে 'ৰকেট্ৰি— দা নাম্বি এফেক্ট', 'গোদাবৰী', 'আলফা-বিটা-গামা', 'দুহিন' আৰু "ট্ৰি ফুল অব পেৰটছ'।