'এলিফেন্ট হুইছপাৰাৰ্ছ'ৰ হাতী পোৱালিটো চাবলৈ ভিৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
'এলিফেন্ট হুইছপাৰাৰ্ছ'ৰ হাতী পোৱালিটো চাবলৈ ভিৰ
'এলিফেন্ট হুইছপাৰাৰ্ছ'ৰ হাতী পোৱালিটো চাবলৈ ভিৰ
 
মুডুমলাই
 
সোমবাৰে ‘শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবি’ শাখাত অস্কাৰ বঁটা লাভ কৰা ভাৰতীয় তথ্যচিত্ৰ ‘এলিফেণ্ট হুইছপাৰাৰ্ছ’-এ জনপ্ৰিয় কৰি তোলা হাতী পোৱালিটোৰ দৰ্শন কৰাৰ বাবে মুডুমলাই থেপ্পাকাডু হাতী শিবিৰত বৃহৎ সংখ্যক পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে। 
 
তথ্যচিত্ৰখনে সহযোগী মনোনীত ছবি ‘হ’ল আউট’, ‘হাউ ডু ইউ মেজাৰ এ ইয়েৰ?’, 'দ্য মাৰ্থা মিচেল ইফেক্ট' আৰু 'ষ্ট্ৰেঞ্জাৰ এট দ্য গেট'ৰ সৈতে এই সন্মানৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
 
তামিলনাডুৰ মুডুমলাই বাঘ সংৰক্ষিত বনাঞ্চলত দুটা অনাথ হাতী পোৱালীক দত্তক লোৱা এটা পৰিয়ালক কেন্দ্ৰ কৰি ছবিখন নিৰ্মান কৰা হৈছিল। এজন পৰ্যটকে কয় যে, "এইটো এক অতি বিশেষ মুহূৰ্ত। ইয়াত উপস্থিত হোৱাটো আনন্দৰ কথা। হাতী মোৰ প্ৰিয় প্ৰাণী আৰু ছবিখনে অস্কাৰ লাভ কৰাটোৱে মোক সঁচাকৈয়ে আনন্দিত আৰু উৎসাহিত কৰি তুলিছে।" 
 
সোমবাৰে (আই এছ টি) ৯৫ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত বঁটা গ্ৰহণ কৰাৰ বাবে মঞ্চত খোজ দিছিল তামিল তথ্যচিত্ৰখনৰ পৰিচালক কাৰ্টিকি গনছালভেছ আৰু প্ৰযোজক গুনীত মংগাই।   
 
বিজয়ী ভাষণত গনছালভেছে কয়, "মআমাৰ আৰু আমাৰ প্ৰাকৃতিক পৃথিৱীৰ মাজৰ পবিত্ৰ বন্ধনৰ ওপৰত কথা পাতিবলৈ মই আজি ইয়াত থিয় দিছোঁ। থলুৱা সম্প্ৰদায়ৰ সন্মানৰ বাবে। অন্যান্য জীৱৰ প্ৰতি সত্তাৰ বাবে, শেষত সহাবস্থানৰ বাবে আমি আমাৰ স্থান ভাগ-বতৰা কৰোঁ।  
 
তেওঁ কয়, থলুৱা লোক আৰু জন্তুৰ ওপৰত আলোকপাত কৰা আমাৰ চলচ্চিত্ৰখনক স্বীকৃতি দিয়াৰ বাবে একাডেমীলৈ ধন্যবাদ জ্ঞাপন কৰিছো। আনহাতে এই চলচ্চিত্ৰখনৰ শক্তিত বিশ্বাস কৰাৰ বাবে নেটফ্লিক্সলৈও ধন্যবাদ জ্ঞাপন কৰিছো। গুনীত মোৰ প্ৰযোজক আৰু মোৰ সমগ্ৰ দলটোলৈ আৰু শেষত মোৰ মা দেউতা আৰু ভগ্নীলৈ যিসকল এই অনুষ্ঠানতে আছে, লগতে মোৰ মাতৃভূমি ভাৰতবৰ্ষ লৈও অশেষ ধন্যবাদ।"
 
গুনীত মংগাৰ সৈতে জড়িত এইটোৱেই প্ৰথম কাম নহয়, যিয়ে অস্কাৰ লাভ কৰিছে। ২০১৯ চনত মংগাৰ তথ্যচিত্ৰ 'পিৰিয়ড'... এণ্ড অফ চেণ্টেন্স'য়ে ডকুমেণ্টৰী শ্বৰ্ট ছাবজেক্ট শাখাত অস্কাৰ বঁটা লাভ কৰিছিল ।