'ডংগল'ৰ শিশু অভিনেত্ৰী ছোহানী ভাটনাগৰৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 2 Months ago
 ছোহানী ভাটনাগৰ
ছোহানী ভাটনাগৰ
 
নতুন দিল্লী
 
যশস্বী অভিনেতা আমিৰ খানৰ ক্ৰীড়া ছবি 'ডংগল'ত মল্লযোদ্ধা ববিতা ফোগাটৰ শিশুকালৰ ভূমিকাত অৱতীৰ্ণ হৈ দেশবাসীৰ অন্তৰ জয় কৰা ১৯ বছৰীয়া ছোহানী ভাটনাগৰৰ আকস্মিক মৃত্যু ঘটে। 
 
অভিনেত্ৰীগৰাকীৰ চিৰপ্ৰস্থানে আজি শোকস্তব্ধ কৰি তুলিছে গুণগ্রাহীসকলক। 'ডংগল'ত অভিনয়ৰ বাবে এঘাৰ হেজাৰ ছোৱালীৰ মাজৰ পৰা বাছি উলিওৱা হৈছিল ছোহানীক। 
 
ভৰি ভগাৰ বাবে চিকিৎসাধীন হৈ থকা ছোহানীৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটাত শুকুৰবাৰে দিল্লী এইমছত ভর্তি কৰোৱা হৈছিল। 
 
ঔষধৰ পার্শ্বক্রিয়া বা চিকিৎসকৰ ভুলৰ বাবেই প্রতিভাৱান নৱাগতা অভিনেত্ৰীগৰাকীয়ে শনিবাৰে প্রাণ হেৰুৱাবলগীয়া হয়। 
 
ছোহানী অভিনীত ডংগল ছবিয়ে ২০১৬ চনৰ ডিচেম্বৰত  মুক্তি লাভ কৰিছিল। ৭ ফেব্ৰুৱাৰীত দুর্ঘটনাত পতিত হৈছিল ছোহানী।