'ধুম'ৰ পৰিচালক সঞ্জয় গাধৱীৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 Years ago
সঞ্জয় গাধৱী
সঞ্জয় গাধৱী
 
মুম্বাই
 
১৯ নৱেম্বৰ দেওবাৰে চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় গাধৱীৰ মৃত্যু হয়। এক সূত্ৰৰ পৰা জানিব পৰা মতে, সঞ্জয় গাধৱীৰ হৃদক্ৰিয়া বন্ধ হৈছিল। নিৰ্মাতা সঞ্জয় গাধৱী ‘ধূম’ আৰু ‘ধূম-২’ পৰিচালনাৰ বাবে পৰিচিত। তেওঁৰ দুয়োখন ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰি ঋত্বিক ৰোশন আৰু অভিষেক বচ্চনে বিপুল সফলতা লাভ কৰিছিল।  
 
অনুৰাগীসকলৰ মতে কিছুদিন পূৰ্বে তেওঁ চিনেমা চাবলৈ মাল্টিপ্লেক্সলৈ গৈছিল। সঞ্জয় ‘মেৰে ইয়াৰ কি ছাদি হায়’ আৰু ইমৰাণ খান অভিনীত ‘কিডনেপ’ ছবিৰো পৰিচালক আছিল। ২০১২ চনত তেওঁ পৰিচালনা কৰিছিল ‘আজাব গজাব লাভ’ আৰু ২০২০ চনত ‘অপাৰেচন পৰিণ্ডে’।
 
সঞ্জয় গাধৱীয়ে ২০০০ চনত ‘তেৰে লিয়ে’ ছবিৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পূৰ্বে ‘তু হি বাটা’ শীৰ্ষক ছবিখনত অৰ্জুন ৰামপাল আৰু ৰবীনা টণ্ডনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২০০৪ চনত তেওঁ একচন থ্ৰিলাৰ ‘ধূম’ পৰিচালনা কৰাৰ সময়তে তেওঁ প্ৰথমে চৰ্চা লাভ কৰিছিল।