আন্তঃৰাষ্ট্ৰীয় এমী বঁটা লাভ একতা কাপুৰৰ

Story by  atv | Posted by  Munni Begum • 8 Months ago
এমী বঁটা লাভ একতা কাপুৰৰ
এমী বঁটা লাভ একতা কাপুৰৰ
 
মুম্বাই
 
ৰূপালী আৰু সৰু পৰ্দাৰ বিখ্যাত প্রযোজক আৰু পৰিচালক একতা কাপুৰে লাভ কৰিলে এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় এমী বঁটা প্ৰদান অনুষ্ঠানৰ বিশেষ সন্মান। কলা আৰু মনোৰঞ্জনৰ জগতখনলৈ আগবঢ়োৱা বিশেষ অৰিহণাৰ বাবে একতা কাপুৰক এই সন্মান প্রদান কৰা হৈছে। 
 
নিউয়র্কত আয়োজিত এহ অনুষ্ঠানত তেওঁক প্ৰদান কৰা হ'ল এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় এমী ডাইৰেক্টৰেট বঁটা। এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় প্রযোজক হিচাপে বিবেচিত হৈছে একতা কাপুৰ। অনুষ্ঠানটোত প্রখ্যাত লেখক দীপক চোপ্ৰাই তেওঁক এই বঁটাটো প্ৰদান কৰে । বঁটাটো লাভ কৰি নষ্টালজিক হৈ পৰা একতা কাপুৰে অনুষ্ঠানটোত কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে এটা বঁটা লাভ কৰি তেওঁ যথেষ্ট সুখী হৈছে।
 
আনহাতে, ভাৰতীয় কৌতুক অভিনেতা বীৰ দাসেও কৌতুক অভিনয়ৰ বাবে এমী বঁটা লাভ কৰে। উল্লেখযোগ্য যে 'দিল্লী ক্রাইম ২' নামৰ ছিৰিজটোৰ বাবে ভাৰতীয় অভিনেত্রী শেফালী শ্বাহে এমী বঁটা প্ৰদান অনুষ্ঠানৰ 'শ্রেষ্ঠ অভিনেত্রী' শিতানত মনোনয়ন লাভ কৰিছিল। কিন্তু মেক্সিকোৰ অভিনেত্রী কার্লা ছুজাইহে এই বঁটা লাভ কৰিলে।