সোণাপুৰত সমাপন হব মহানায়ক জুবিন গাৰ্গৰ অন্তেষ্টিক্ৰিয়া

Story by  atv | Posted by  Munni Begum • 2 h ago
মহানায়ক জুবিন গাৰ্গ
মহানায়ক জুবিন গাৰ্গ
 
গুৱাহাটী
 
হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষকৃত্য সোণাপুৰৰ কমাৰকুছিত সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আজি অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰিছে।  
 
প্ৰায় ১০ বিঘা ভূমিত শিল্পীগৰাকীৰ সমাধিস্থলী হ'ব। দিচাং ৰিজৰ্টৰ সমীপতে হ'ব জুবিনৰ এই সমাধিস্থল। গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সৈতে আলোচনাৰ পিছতেই ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়।   
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, পৰিয়ালৰ লোকসকলে গুৱাহাটীৰ আশে পাশে জুবিন গাৰ্গৰ শেষকৃত্য হোৱাটো বিচাৰিছিল। সেয়ে ২৩ তাৰিখে সোণাপুৰতে শেষকৃত্য সম্পন্ন  কৰা হব। 
 
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, শেষকৃত্যৰ পিছত জুবিনৰ ভষ্ম যোৰহাটলৈ যোৱা হ’ব। যোৰহাটবাসীৰ ইচ্ছাক সন্মান জনাই তাতো নিৰ্মাণ কৰা হ’ব জুবিনৰ সমাধিস্থল। 
 
২৩ তাৰিখে যিহেতু ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে জুবিনৰ সমাধিস্থল হ’ব সেয়ে মঙলবাৰৰ দিনটোত দিনৰ ২ বজালৈকে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ  কৰি দিয়া হব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে।     
 
উল্লেখ্য যে, অসম চৰকাৰে অমসবাসীৰ কলিজাৰ টুকুৰা জুবিন গাৰ্গৰ সমাধিৰ বাবে দুটা স্থান নিৰ্বাচন কৰিছিল। সেয়ে হ'ল - যোৰহাট আৰু সোণাপুৰ। কিন্তু জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ পৰিয়ালে জুবিনৰ সমাধি গুৱাহাটীতে হোৱাটো বিচাৰিছিল। যাৰ বাবে অসম চৰকাৰেও গুৱাহাটীৰ সমীপৰ সোণাপুৰত জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ কামখিনি কৰিবলৈ প্ৰস্তুত হৈছে। 
 
আনহাতে, ২৩ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ শেষকৃত্য সমাপন কৰা হ'ব৷ লগতে ২৩ ছেপ্টেম্বৰলৈকে ৰাজ্যিক শোকৰ দিন বদ্ধি কৰাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে, সোমবাৰে বিদ্যালয়-কাৰ্যালয় আদি নিয়মীয়াভাৱে চলিব থাকিব। ২৩ তাৰিখে ৰাজ্যিক বন্ধ ঘোষণা কৰিব চৰকাৰে৷