'বেলকনিত ভগৱান'ৰ পোষ্টাৰ মুকলি

Story by  atv | Posted by  Munni Begum • 1 Years ago
'বেলকনিত ভগৱান'ৰ  পোষ্টাৰ মুকলি
'বেলকনিত ভগৱান'ৰ পোষ্টাৰ মুকলি
গুৱাহাটী
 
শুক্ৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত বহু চৰ্চিত 'বেলকনিত ভগৱান (God On The Balcony)' নামৰ অসমীয়া চলচ্চিত্ৰ খনৰ অফিচিয়েল পোষ্টাৰ মুকলি কৰা হয়। বিশিষ্ট সাহিত্যিক তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্তক প্ৰযোজক আৰু আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত 'বেলকনিত ভগৱান' অহা ৭ অক্টোবৰত সমগ্ৰ অসমত মুক্তি লাভ কৰিব। 
 
অফিচিয়েল পোষ্টাৰ উন্মোচন কৰিছে বিশিষ্ট অভিনেতা যতীন বৰাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিত্ৰ সমালোচক বিতুপন বৰবৰা,শিবানু বৰা, বিদ্যুত কুমাৰ ভুঞা,  উৎপল মেনা, বিশিষ্ট চিত্ৰ সাংবাদিক মণ্টু শইকীয়া ,জেষ্ঠ্য সাংবাদিক সৌৰভ কুমাৰ বৰা আৰু আছাম পোষ্টৰ স্বতাধিকাৰ ড° সীমা বৰা আৰু জেষ্ঠ্য অভিনেতা দীনেশ দাস ৷
জেতুকা পাতৰ দৰে চলচ্চিত্ৰখনৰ বাবে ৰজত কমল প্ৰাপক প্ৰযোজক সাহিত্যিক নুৰুল চুলতানে প্ৰযোজনা কৰা বেলকনিত ভগৱান ' নামৰ অসমীয়া চলচ্চিত্ৰ খনে ভাৰতৰ অন্যতম উল্লেখযোগ্য আৰু বৃহত্তম চলচিত্ৰ মহোৎসৱ  '২৬ তম কলকতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ'ৰ 'নেচনেল কম্পিটিছন অন ইণ্ডিয়ান লেংগুৱেজ' শাখাৰ বাবে নিৰ্বাচিত হৈ 'গোল্ডেন ৰোয়েল বেংগল' বঁটাৰে ' শ্রেষ্ঠ পৰিচালকৰ' বঁটা পোৱাৰ পিছৰে পৰা  এটাৰ পিচত আন এটা সন্মান লাভ কৰিছে।  
চলচ্চিত্ৰখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্ৰমে য়াহা, কমিনে, মিডনাইটচ চিলড্ৰেন, গেংগচ অৱ ৱাছিপুৰ আদিত অভিনীত হাৰিশ খান্নাই। আন দুটা  মুখ্য চৰিত্ৰত অভিনয় কৰিছে  প্ৰণামী ভাৰথী আৰু পৰিনান্ধি জিমা চুলতানাই। ইয়াৰ উপৰিও অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ', শোণিত বৰা, সাংবাদিক ইভা মহন্ত, পবিত্ৰ বৰুৱা, গৌৰী শংকৰ ভূঞা, যতীন খনিকৰ, বিনোদ লাল দাস, অজয় ভৰালী, আলোক বৰুৱা, জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জেষ্ঠ অভিনেতা দীনেশ দাস, জেষ্ঠ অধিবক্তা বিজন মহাজন আৰু জনপ্ৰিয় সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাইও অভিনয় কৰিছে এই ছবিখনত। উল্লেখযোগ্য যে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাইও এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।