পশ্চিম বংগ চৰকাৰে নিষিদ্ধ কৰিলে The Kerala Story

Story by  atv | Posted by  [email protected] • 11 Months ago
The Kerala Storyৰ পোষ্টাৰ
The Kerala Storyৰ পোষ্টাৰ
 
কলকাতা
 
পশ্চিম বংগ চৰকাৰে সোমবাৰে বিতৰ্কিত চলচ্চিত্ৰ ‘দ্য কেৰেলা ষ্ট’ৰী’ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা বিতৰ্কৰ আৱৰ্তত সোমাই পৰা ছবিখনৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যত তীব্ৰ প্ৰতিবাদ চলি আছে। 
 
সোমবাৰে ৰাজ্যিক সচিবালয়ত এই সিদ্ধান্ত ঘোষণা কৰে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। "কাশ্মীৰ ফাইলছ"ৰ নিচিনাকৈ বিজেপিয়ে বংগক লৈ এখন ছবি নিৰ্মাণৰ বাবে ধন আগবঢ়াইছিল বুলি মমতা বেনাৰ্জীয়ে অভিযোগ উত্থাপন কৰাৰ মাত্ৰ কেইমিনিটমানৰ পিছতে এই ঘোষণা কৰা হৈছে।
ৰাজ্যত চলি থকা চিনেমা হ'লসমূহৰ পৰা ছবিখন আঁতৰোৱাটো নিশ্চিত কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছে বংগৰ মুখ্যমন্ত্ৰীয়ে। মমতা বেনাৰ্জীয়ে কয় যে বংগত শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে, আইন-শৃংখলাৰ সমস্যা আৰু জনসাধাৰণৰ সঁহাৰিৰ অভাৱৰ বাবে দেওবাৰৰ পৰা বিতৰ্কিত ছবিখনৰ প্ৰদৰ্শন বাতিল কৰাৰ এদিন পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ‘দ্য কেৰেলা ষ্ট’ৰী’ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে। 
 
মনকৰিবলগীয়া যে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই কঠোৰ স্থিতিৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেলত প্ৰকাশ কৰে যে তেওঁ অহা ১১ মে'ত কেবিনেট সতীৰ্থসকলৰ সৈতে গুৱাহাটীত ‘দ্য কেৰেলা ষ্ট’ৰী’ নামৰ বিতৰ্কিত ছবিখন উপভোগ কৰিব।