আৱাজ - দ্য ভইচ / নতুন দিল্লী
এই মাহৰ আৰম্ভণিতে নেটফ্লিক্সত মুক্তি পোৱা বলিউডৰ ছবি ‘হক’-এ কেৱল ভাৰততে নহয়, বিদেশতো ব্যাপক চৰ্চা লাভ কৰিছে। এই ছবিখন ১৯৮৫ চনৰ ঐতিহাসিক শ্বাহবানো গোচৰৰ দ্বাৰা অনুপ্ৰাণিত আৰু আদালতৰ জৰিয়তে মুছলমান মহিলাৰ ভৰণ-পোষণৰ অধিকাৰৰ বিষয়টো ছবিখনত আলোকপাত কৰা হৈছে। ছবিখনত য়ামী গৌতমেই 'শাজিয়া'ৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে নিজৰ স্বামী (ইমৰান হাছমী)ৰ বিৰুদ্ধে এক আৱেগিক আৰু আইনী যুঁজত অৱতীৰ্ণ হয়।
ছবিখন মুক্তিৰ সময়ত আশা কৰা হৈছিল যে ই ভাৰতত মহিলাৰ অধিকাৰ আৰু ধৰ্মীয় আইনৰ বিষয়ত আলোচনাৰ সূচনা কৰিব। কিন্তু এই ছবিখনে সৃষ্টি কৰা প্ৰতিধ্বনি ভাৰতৰ সীমা অতিক্ৰমি বহুদূৰলৈ বিয়পি পৰে। ‘হক’-এ পাকিস্তান আৰু নাইজেৰিয়াৰ দৰ্শকৰো দৃষ্টি আকৰ্ষণ কৰিছে— যি দুখন দেশৰ সাংস্কৃতিক পটভূমি বেলেগ হ’লেও ধৰ্ম, বিবাহ, মহিলাৰ অধিকাৰ আৰু আইনক লৈ হোৱা বিতৰ্ক সমানেই গুৰুত্বপূর্ণ।
২ জানুৱাৰী ২০২৬ত নেটফ্লিক্সত মুক্তি পোৱাৰ পিছত ‘হক’-এ কেৱল এই দেশসমূহৰ দৰ্শকৰ মাজত জনপ্ৰিয়তাই লাভ কৰা নাই, বৰঞ্চ তেওঁলোকে ইয়াক এক গুৰুতৰ সামাজিক আৰু আইনী বিষয়ত নিৰ্মিত সাহসী ছবি হিচাপে গ্ৰহণ কৰিছে। বৰ্তমান এই ছবিখন নাইজেৰিয়া আৰু পাকিস্তানৰ নেটফ্লিক্সত এক নম্বৰ স্থানত আছে আৰু দৰ্শকে ইয়াৰ কাহিনী, অভিনয় আৰু বাৰ্তাক ভূয়সী প্ৰশংসা কৰিছে।
পাকিস্তানী দৰ্শকৰ বলিউডৰ সাহসী পদক্ষেপৰ প্ৰশংসা
পাকিস্তানত ছবিখনৰ প্ৰতি দৰ্শকৰ সঁহাৰি অতি উৎসাহজনক। বহু দৰ্শকে ছ’চিয়েল মিডিয়াত লিখিছে যে বলিউডে এইবাৰ এক অতি সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকৰ মতে, ছবিখনে ইছলাম ধৰ্মৰ ভুল ব্যাখ্যা আৰু মহিলাৰ বিৰুদ্ধে হোৱা সামাজিক অন্যায়ৰ বিৰুদ্ধে শক্তিশালীকৈ মাত মাতিছে। শাজিয়াৰ চৰিত্ৰত য়ামী গৌতমৰ অভিনয়ক দৰ্শকে অত্যন্ত প্ৰভাৱশালী আৰু শক্তিশালী বুলি অভিহিত কৰিছে। ছবিখনত দেখুওৱা হৈছে যে এগৰাকী মহিলাই কেনেকৈ নিজৰ ধৰ্মীয় আৰু আইনী সীমাৰ ভিতৰত থাকিও নিজৰ অধিকাৰৰ বাবে যুঁজিব পাৰে। এই বাৰ্তাই তাত উপস্থিত থকা দৰ্শকসকলক অনুপ্ৰাণিত কৰে। পাকিস্তানত মহিলাৰ অধিকাৰক লৈ আলোচনা প্ৰায়েই সীমিত হৈ থাকে, কিন্তু এই ছবিখনে ৰাজহুৱা আৰু অনলাইন মঞ্চত আলোচনাৰ গতি ত্বৰাণ্বিত কৰিছে।
নাইজেৰিয়াতো ছবিখনৰ প্ৰশংসা
একেদৰে নাইজেৰিয়াতো ছবিখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। তাৰ দৰ্শকেও ছবিখনৰ কাহিনী আৰু অভিনয়ৰ শলাগ লৈছে। নাইজেৰিয়াৰ মুছলমান জনসংখ্যাৰ মাজত বিবাহ আৰু মহিলাৰ অধিকাৰক লৈ চলি থকা বিতৰ্কত ‘হক’-এ এক নতুন মাত্ৰা আৰু দৃষ্টিভংগী প্ৰদান কৰিছে। ছবিখনে দেখুৱাই দিছে যে মহিলাসকলে কেনেকৈ নিজৰ প্ৰাপ্যৰ বাবে আইনী আৰু সামাজিক স্তৰত মাত মাতিব পাৰে।
ছবিখনৰ সামাজিক আৰু আইনী বাৰ্তা
‘হক’ কেৱল এখন মনোৰঞ্জনধৰ্মী ছবি নহয়, ই শক্তিশালী মহিলা আৰু তেওঁলোকৰ অধিকাৰৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা এক মাধ্যম হিচাপে ধৰা দিছে। ছবিখনে প্ৰমাণ কৰিছে যে ধৰ্মীয় আইন বা সাম্প্ৰদায়িক প্ৰথাৰ নামত মহিলাৰ অধিকাৰ খৰ্ব কৰিব নালাগে। ইয়াৰ লগতে ছবিখনে দৰ্শকক শিকাইছে যে সমাজত পৰিৱৰ্তন আনিবলৈ সাহস আৰু দৃঢ়তাৰ কিমান প্ৰয়োজন।
ছবিখনৰ নিৰ্মাতা আৰু পৰিচালকে কয় যে, তেওঁলোকৰ উদ্দেশ্য কেৱল এটা বিতৰ্কিত গোচৰ দেখুৱাই দিয়াই নাছিল, বৰঞ্চ ন্যায় আৰু সামাজিক সমতাৰ বাবে যুঁজখন যে প্ৰতিটো সমাজতে প্ৰয়োজনীয়, সেয়া বুজাই দিয়া আছিল।
ছবিখনৰ সমালোচনা আৰু বক্স অফিচত সঁহাৰি
২০২৫ চনৰ ৭ নৱেম্বৰত ছবিখন ছবিগৃহত মুক্তি পাইছিল। মুক্তিৰ পূৰ্বে শ্বাহবানো গোচৰৰ স্পৰ্শকাতৰ দিশসমূহক লৈ কিছু আইনী বিবাদৰো সৃষ্টি হৈছিল। সমালোচকসকলে ছবিখনৰ উপস্থাপন আৰু অভিনয়ৰ প্ৰশংসা কৰিছিল। বিশেষকৈ য়ামী গৌতম আৰু ইমৰান হাছমীৰ অভিনয় আছিল উল্লেখনীয়।
যদিও বক্স অফিচত ছবিখনে আশানুৰূপ উপাৰ্জন কৰিব পৰা নাই, কিন্তু অ’টিটি (OTT) প্লেটফৰ্মত ছবিখনক লৈ দৰ্শকৰ বিপুল সঁহাৰি দেখা গৈছে। নেটফ্লিক্সৰ এই সফলতাই প্ৰমাণ কৰে যে শক্তিশালী কাহিনী আৰু বাৰ্তা থকা বিষয়বস্তুৱে ডিজিটেল মাধ্যমৰ জৰিয়তে দৰ্শকক গভীৰভাৱে আকৰ্ষণ কৰিব পাৰে।
বিশ্বজুৰি প্ৰতিক্ৰিয়া আৰু বিতৰ্ক
হক’ৰ সফলতাই দেখুৱাইছে যে বলিউডৰ ছবিসমূহ কেৱল ভাৰতৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। এই ছবিসমূহে বিশ্ব দৰবাৰত সামাজিক আৰু আইনী বিষয়সমূহৰ ওপৰত বিতৰ্কৰ সূচনা কৰিব পাৰে। পাকিস্তান আৰু নাইজেৰিয়াত ছবিখনৰ প্ৰতি জনোৱা সঁহাৰিয়ে প্ৰমাণ কৰিছে যে ধৰ্ম, বিবাহ আৰু মহিলাৰ অধিকাৰৰ দৰে বিষয়সমূহ আন্তৰ্জাতিক পৰ্যায়ত সমানেই গুৰুত্বপূৰ্ণ।
দৰ্শকসকলে ছ’চিয়েল মিডিয়াত ছবিখনৰ কাহিনী, চৰিত্ৰ আৰু বাৰ্তাৰ প্ৰশংসা কৰি লিখিছে যে ছবিখনে তেওঁলোকক নিজৰ সমাজৰ ভিতৰতে পৰিৱৰ্তন আনিবলৈ অনুপ্ৰাণিত কৰিছে। চিনেমা যে কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, বৰঞ্চ সামাজিক সজাগতা আৰু পৰিৱৰ্তনৰ এক শক্তিশালী আহিলা, সেই কথা এই ছবিখনে পুনৰবাৰ প্ৰমাণ কৰিলে।
নেটফ্লিক্সত ‘হক’ৰ সফলতাই ইয়াকে দৰ্শায় যে শক্তিশালী কাহিনী, বলিষ্ঠ অভিনয় আৰু সাহসী বিষয়বস্তুৰ জৰিয়তে ছবিসমূহে কেৱল মনোৰঞ্জনই নহয়, সমাজত পৰিৱৰ্তনৰ দিশো দেখুৱাব পাৰে। এই ছবিখনে ভাৰতীয় মহিলাৰ অধিকাৰ আৰু সমাজত তেওঁলোকৰ স্থানৰ সন্দৰ্ভত চলি থকা বিতৰ্কক অধিক শক্তিশালী কৰি তুলিছে আৰু এতিয়া ই আন্তৰ্জাতিক পৰ্যায়তো এক গুৰুত্বপূৰ্ণ চৰ্চাৰ বিষয় হৈ পৰিছে।
পাকিস্তান আৰু নাইজেৰিয়াৰ দৰে দেশত ছবিখনৰ ইতিবাচক সঁহাৰিয়ে প্ৰমাণ কৰে যে সত্য আৰু সাহসী বাৰ্তা থকা ছবিসমূহে ভৌগোলিক সীমা অতিক্ৰম কৰি মানুহৰ হৃদয় আৰু মগজুত গভীৰ সাঁচ বহুৱাব পাৰে।