নাহিদ আফ্ৰিনৰ "কাছম-ই-উলফাত" শীৰ্ষক নতুন গীত মুকলি

Story by  atv | Posted by  [email protected] • 6 h ago
নাহিদ আফ্ৰিনৰ
নাহিদ আফ্ৰিনৰ "কাছম-ই-উলফাত" শীৰ্ষক নতুন গীত মুকলি
 
গুৱাহাটী
 
নতুন প্ৰজন্মৰ জনপ্ৰিয় গায়িকা নাহিদ আফ্ৰিনে কালি সন্ধিয়া তেওঁৰ  "কাছম-ই-উলফাত" নামৰ গজল গীতটি জ্যোতি চিত্ৰবনত উন্মোচন কৰে। নাহিদে নিজে ৰচনা কৰা এই গীতটোত অস্পষ্ট প্ৰেমৰ উচুপনি, অসম্পূৰ্ণতাৰ সৌন্দৰ্য্য আৰু নীৰৱ সংযোগৰ কোমলতা অন্তৰ্ভুক্ত কৰা হৈছে।
 
অনুষ্ঠানত বিশিষ্ট গায়িকা মনীষা হাজৰিকা, অভিনেতা প্ৰাঞ্জল শইকীয়াৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অঞ্জন জ্যোতি চৌধুৰী, কুমাৰ পদ্মপানী বৰা, অভিনেতা কপিল বৰা, সংগীত পৰিচালক ৰূপম তালুকদাৰ আদিয়ে ভিজেডএন প্ৰডাকচনৰ দ্বাৰা প্ৰস্তুত কৰা সুৰ আৰু দৃশ্যত গভীৰভাৱে প্ৰভাৱিত হয়।
 
নাহিদ আফ্ৰিনে তেওঁৰ গীতটি মুক্তিৰ সময়ত কয় যে, "কাছম-ই-উলফাত মোৰ অন্তৰৰ অতি ঘনিষ্ঠ। ইয়াত আমি প্ৰায়ে নোকোৱাকৈ ৰখা আৱেগবোৰ প্ৰতিফলিত কৰিব চেষ্টা কৰিছোঁ। অসম্পূৰ্ণতাৰ নিৰৱ বেদনা আৰু প্ৰেমত মৌনতাৰ সৌন্দৰ্য। আজি আমাৰ সৈতে উপস্থিত থকা আৰু এই উদ্বোধনী অনুষ্ঠানক বিশেষ কৰি তোলা সকলোকে মই ধন্যবাদ জনাইছো।"
 
গীতটিৰ গীতিকাৰ হৈছে আফাকি, সংগীত প্ৰযোজক গৌৰাংগা-বিশাল আৰু মিক্স-মাষ্টাৰিং ত্ৰিহাংকু লহকৰ। ভিজেডএন প্ৰডাকচনৰ অধীনত মানস গগৈৰ দ্বাৰা পৰিচালিত এই ভিডিঅ'টোৱে গীতটোৰ সাৰ্থকতা জীৱন্ত কৰি তুলিছে। এই গীতটিৰ জৰিয়তে নাহিদ আফ্ৰিনে পৰম্পৰাক আধুনিক সংবেদনশীলতাৰ সৈতে সংলগ্ন কৰি গজল প্ৰেমীসকলক এক কালজয়ী সুৰ প্ৰদান কৰিছে।