কন্যা সন্তানৰ পিতৃ-মাতৃ হয় সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী

Story by  atv | Posted by  Munni Begum • 1 Months ago
সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী
সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী
 
মুম্বাই 
 
আথিয়া শেট্টী, ছানা খান, মানসী মোঘলে, ইশিতা দত্ত, ৰুহি চতুৰ্বেদী, ইলিয়ানা ডিক্ৰুজ আৰু এমি জেকছনৰ পিছত সুন্দৰী অভিনেত্ৰী কিয়াৰা আদৱানীয়েও চলিত বৰ্ষত মাতৃত্বৰ অনুভৱ লাভ কৰিলে। সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে এগৰাকী কন্যা সন্তানৰ অভিভাৱক হৈছে। প্ৰথমবাৰৰ বাবে দম্পতীটোৱে পিতৃ-মাতৃত্বৰ গৌৰৱ লাভ কৰিছে।
 
২০২৩ চনত সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহ হয় আৰু বিবাহৰ দুবছৰৰ পাছত তেওঁলোকৰ জীৱনলৈ এই সুখৰ আগমন ঘটে ৷ অনুৰাগী আৰু চেলেব্ৰিটীসকলে দম্পতীটোক পিতৃ-মাতৃ হোৱাৰ বাবে অভিনন্দন জনাইছে ।
 
আজি ১৬ জুলাইৰ পুৱাই অনুৰাগীক এই সুখবৰটো দিলে সিদ্ধাৰ্থ-কিয়াৰাই। দম্পতীহালে ইনষ্টাগ্ৰাম একাউণ্টত এই ভাল খবৰৰ পোষ্টটো শ্বেয়াৰ কৰিছে, য’ত লিখা আছে, "আমাৰ হৃদয় সুখেৰে ভৰি পৰিছে আৰু জীৱনটো চিৰদিনৰ বাবে সলনি হৈছে, আমাৰ এগৰাকী কন্যা সন্তানৰ জন্ম হৈছে৷"
 
 
পোষ্টটোত আথিয়া, সুনীল গ্ৰভাৰ, শ্বাহীন ভট্ট, কমেডিয়ান ভাৰতী সিং, আদা খান, ছফী চৌধুৰী, প্ৰজ্ঞা জয়ছৱালকে ধৰি বহু তাৰকাই পিতৃ-মাতৃ হোৱাৰ বাবে তেওঁলোকক অভিনন্দন জনাইছে।
 
উল্লেখ্য যে, ২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত এই দম্পতীহালে গৰ্ভধাৰণৰ ভাল খবৰটো শ্বেয়াৰ কৰিছিল। কৰীণা কাপুৰ, ঈশান খট্টৰ, একতা কাপুৰ, মাছাবা গুপ্তা, মনীষ মালহোত্ৰা, চনু সুদ, আথিয়া শেট্টীকে ধৰি বহু তাৰকাই সেই সময়ত দুয়োকে অভিনন্দন জনাইছিল। এজন অনুৰাগীয়ে লিখিছে, ‘অভিনন্দন ৷’ আন এজন অনুৰাগীয়ে লিখিছে, ‘বৰুণৰ পিছত আলিয়া, এতিয়া আন এজন ছাত্ৰ পিতৃ হৈ পৰিছে, অভিনন্দন৷’ 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

A post shared by KIARA (@kiaraaliaadvani)

 
উল্লেখ্য যে, আলিয়া, বৰুণ আৰু সিদ্ধাৰ্থই বলীউডত আত্মপ্ৰকাশ কৰিছিল ষ্টুডেণ্ট অফ দ্য ইয়েৰ ছবিখনেৰে, যিখন মুক্তি পাইছিল ২০১২ চনত ৷ তিনিওগৰাকীয়েই এগৰাকীকৈ কন্যা সন্তানৰ পিতৃ-মাতৃ হৈ পৰিছে। 
 
শ্বেৰশ্বাহ ছবিখনত সিদ্ধাৰ্থ আৰু কিয়াৰাই প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছিল আৰু ইয়াৰ পৰাই তেওঁলোকৰ প্ৰেমৰ আৰম্ভণি হৈছিল। ২০২১ চনত মুক্তি পাইছিল শ্বেৰশ্বাহ ছবিখন আৰু তাৰ দুবছৰৰ পিছত ২০২৩ চনত ৰাজস্থানত ৰাজকীয় শৈলীত বিবাহপাশত আবদ্ধ হৈছিল তেওঁলোক। ১৪ আগষ্টত মুক্তি পাবলগীয়া একশ্যন ছবি 'War 2'ত কিয়াৰাক দেখিবলৈ পোৱা যাব। 


শেহতীয়া খবৰ