ল’ৰা সন্তানৰ পিতৃ-মাতৃ হ'ল মোহময়ী অভিনেত্ৰী কেটৰিনা কেইফ আৰু বিকি কৌশল

Story by  atv | Posted by  Munni Begum • 1 Months ago
পিতৃ-মাতৃ হ'ল মোহময়ী অভিনেত্ৰী কেটৰিনা কেইফ আৰু বিকি কৌশল
পিতৃ-মাতৃ হ'ল মোহময়ী অভিনেত্ৰী কেটৰিনা কেইফ আৰু বিকি কৌশল
 
মুম্বাই
 
প্ৰথম সন্তান ল’ৰা সন্তানৰ পিতৃ-মাতৃ হোৱা বুলি শুকুৰবাৰে বলীউডৰ অভিনেত্ৰী কেটৰিনা কেইফ আৰু বিকি কৌশলে ঘোষণা কৰে। নিজ নিজ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰকাশ কৰা এক যৌথ বিবৃতিত এই কথা শ্বেয়াৰ কৰিছে দম্পতীহালে। 
 
পোষ্টটোত লিখা আছিল, "আমাৰ আনন্দৰে ভৰি পৰিছো, কিয়নো অপৰিসীম কৃতজ্ঞতাৰে আমি আমাৰ কেঁচুৱা ল'ৰাটোক আদৰণি জনাইছো। ৭ নৱেম্বৰ, ২০২৫ — কেটৰিনা & ভিকি।"  
 
২০২১ চনৰ ৯ ডিচেম্বৰত ৰাজস্থানত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হৈছিল কেটৰিনা আৰু বিকি। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত দম্পতীহালে কেটৰিনাৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল। 
 
শেহতীয়াকৈ বিকিয়ে পিৰিয়ড নাটক "ছাৱা"ত অভিনয় কৰিছিল আৰু সঞ্জয় লীলা ভাঞ্চালীৰ "লাভ এণ্ড ৱাৰ"ত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সৈতে অভিনয় কৰিবলৈ সাজু হৈছে।
 
২০২৪ চনৰ থ্ৰিলাৰ ছবি "মেৰী ক্ৰীছমাছ"ত  বিজয় সেঠুপথীৰ সৈতে শেষবাৰৰ বাবে দেখা গৈছিল কেটৰিনাক।