গুৱাহাটী
ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে বৰ্তমান কৰ্মৰত লেখক, কবি, সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, অভিনেতা পার্থ সাৰথি মহন্তৰ "অনশুনি চিঁখে” চুটি ছবিখনে পুনৰ খ্যাতি অৰ্জন কৰিছে। গোৱালিয়ৰত অনুষ্ঠিত ষষ্ঠদশ চম্বল আন্তৰ্জাতিক চলচ্চিত্র মহোৎসৱ ২০২৫ ত "অনশুনি চিঁখে” চুটি ছবিখনৰ বাবে পাৰ্থ সাৰথি মহন্তই জুৰীৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে। যোৱা ১৪ অক্টোবৰত পৰিচালকগৰাকীলৈ আগবঢ়োৱা হৈছে এই সন্মান।
যোৱা ছেপ্টেম্বৰ মাহত মুম্বাইত অনুষ্ঠিত উত্তৰ-পূব ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত উত্তৰ-পূবৰ বিশেষ শিতানত "অনশুনি চিঁখে” চুটি ছবিখনে "শ্রেষ্ঠ পৰিচালক” আৰু “শ্রেষ্ঠ চুটি ছবি" বঁটাৰ লগতে বিশিষ্ট অভিনেত্রী সীমা বিশ্বাসে "শ্রেষ্ঠ অভিনেত্রী”ৰ সন্মান লাভ কৰিছিল।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা বঁটা লাভেৰে ইতিমধ্যে ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই অনা মহন্তৰ এই চুটি ছবিখনে চেন্নাইত অনুষ্ঠিত "কল্লীউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ"ত "শ্রেষ্ঠ এছিয়ান চুটি ছবি’’ৰ সন্মান লাভ কৰাৰ উপৰিও জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলিচ্চিত্র মহোৎসৱ, দিল্লী চলচ্চিত্র মহোৎসৱ আৰু কলকতাত অনুষ্ঠিত ইণ্ডিয়ান ইনডিপেণ্ডেণ্ট চলচ্চিত্র মহোৎসৱতো "শ্রেষ্ঠ চুটি ছবিৰ বঁটা’’ আজুৰি আনিবলৈ সক্ষম হৈছিল।
আনহাতে, ১৯ সংখ্যক অযোধ্যা চলচ্চিত্র মহোৎসৱত ছবিখনে লাভ কৰিছিল "শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবি"ৰ সন্মান। এছিয়ান টেলেণ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰু কাঁন চলচ্চিত্র মহোৎসৱৰ "মার্চে ডু ফিল্ম" (অনলাইন শাখা) তো প্রদর্শিত হোৱা এই ছবিখনে বিশ্বৰ বিভিন্ন দেশৰ দর্শক-সমালোচকৰ ভূঁয়সী প্রশংসা লাভ কৰিছিল।
উল্লেখ্য যে, খ্যাতনামা অভিনেত্রী সীমা বিশ্বাসে এককভাৱে অভিনয় কৰা এই ছবিখনৰ কাহিনী মহন্তৰ এটি কবিতাৰ আধাৰত ৰচিত। এগৰাকী যুৱতীয়ে তেওঁৰ জন্মৰ পৰা প্ৰাপ্তবয়স্কলৈ সন্মুখীন হোৱা গভীৰ প্রত্যাহ্বান আৰু তেওঁৰ দুর্বিসহ জীৱন যাত্ৰাক শক্তিশালী ৰূপত যথোযিতভাৱে চিত্রায়িত কৰা এই ছবিখন প্রযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই।