শ্বেয়াৰ বজাৰত নিষিদ্ধ অভিনেতা আর্শ্বাদ ৱাৰ্ছিসহ ৪৫ গৰাকী ব্যক্তি

Story by  atv | Posted by  Munni Begum • 1 Years ago
অভিনেতা আর্শ্বাদ ৱাৰ্ছি
অভিনেতা আর্শ্বাদ ৱাৰ্ছি

 

মুম্বাই

 

ভিডিঅ' প্ৰচাৰৰ জৰিয়তে শ্বেয়াৰৰ মূল্য হেৰফেৰ কৰাৰ অভিযোগত বজাৰ নিয়ামক সংস্থা ছেবিয়ে শ্বেয়াৰ বজাৰৰ পৰা নিষিদ্ধ কৰিছে অভিনেতা আর্শ্বাদ ৱাৰ্ছিসহ ৪৫ গৰাকী ব্যক্তি আৰু প্ৰতিষ্ঠানক। এই সকলৰ ভিতৰত ৱাৰ্ছিৰ পত্নী মাৰিয়া গ’ৰেট্টিও আছে।

 

ছেবিৰ সূত্ৰই জনোৱা মতে তেওঁলোকে ইউ টিউব চেনেলত বিভ্রান্তিমূলক ভিডিঅ' আপলোড কৰি শ্বাৰ্পলাইন ব্রডকাষ্ট লিমিটেড আৰু সাধনা ব্রডকাষ্ট লিমিটেড প্রতিষ্ঠান দুটাৰ শ্বেয়াৰ মূল্য হেৰফেৰ কৰিছিল। ইয়াৰ ফলত সাধনা ব্ৰডকাৰ্ডৰ শ্বেয়াৰ মূল্য ৫ টকাৰ পৰা বৃদ্ধি পাই ৩৩ টকা হৈছিল।

 

অৱশ্যে পৰৱৰ্তী পৰ্যায়ত এই মূল্য পুনৰ হ্রাস পাইছিল। এই অনৈতিক পদ্ধতিৰ জৰিয়তে আর্শ্বাদ ৱাৰ্ছিয়ে উপার্জন কৰিছিল ২৯.৪৩ লাখ টকা। উল্লেখ্য যে দুয়োটা প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে আছে সঞ্জীৱ কুমাৰ ঝা।