অনুষ্কা আৰু কোহলীৰ পুত্ৰৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন

Story by  atv | Posted by  Munni Begum • 2 Months ago
 বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা তেওঁলোকৰ পুত্ৰ সন্তানৰ সৈতে
বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা তেওঁলোকৰ পুত্ৰ সন্তানৰ সৈতে
 
নতুন দিল্লী
 
তাৰকা দম্পতী ক্ৰিকেটাৰ বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মা কিছুদিন পূৰ্বে এগৰাকী পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হৈছিল। বৰ্তমান সেই সন্তানৰ নাগৰিকত্বক লৈ আমোদজনক প্ৰশ্ন উত্থাপন হৈছে। ১৫ ফেব্ৰুৱাৰীত এটি পুত্ৰ সন্তানৰ পিতৃ হোৱা বুলি বিৰাট কোহলীয়ে ২০ ফেব্ৰুৱাৰীত ছ’চিয়েল মিডিয়াত এটা বাৰ্তাৰ জৰিয়তে অনুৰাগীসকলক জনাইছিল।   
 
অনুষ্কা আৰু বিৰাটৰ পুত্ৰ কোন দেশত জন্ম হৈছিল? এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই, যদিও তাৰকা দম্পতীৰ দ্বিতীয় সন্তানৰ জন্ম লণ্ডনত হোৱাটো সম্ভৱ। অৱশ্যে এতিয়া অনুৰাগীৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে, বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ পুত্ৰৰ নাগৰিকত্ব ভাৰতীয় হ’ব নে ব্ৰিটিছ? 
 
ব্ৰিটিছ আইন অনুসৰি যদি কোনো শিশু ব্ৰিটেইনত জন্ম হয় তেন্তে পিতৃ-মাতৃৰ এজন বা দুয়োজনেই ব্ৰিটেইনৰ নাগৰিক নহ’লে তেওঁ ব্ৰিটেইনৰ নাগৰিকত্ব লাভ কৰিব নোৱাৰে। একেদৰে শিশুটিৰ জন্মৰ পিছত পিতৃ-মাতৃয়ে তাত বসতি স্থাপন কৰিলে শিশুটিয়ে ব্ৰিটিছ নাগৰিকত্ব লাভ কৰিব পাৰে। 
 
খবৰ অনুসৰি বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ লণ্ডনত এটা ঘৰ আছে, যদিও তেওঁলোকৰ পুত্ৰক ব্ৰিটেইনত ভাৰতীয় পাছপ’ৰ্ট প্ৰদান কৰিব পৰা যাব। কিন্তু ব্ৰিটিছ নাগৰিক হিচাপে পঞ্জীয়ন কৰি তাত ১০ বছৰ বাস কৰাৰ পিছত ব্ৰিটিছ নাগৰিকত্ব লাভ কৰিব পাৰি।  
 
বিৰাট কোহলীয়ে পুত্ৰৰ জন্মৰ কথা ঘোষণা কৰাৰ পিছত অনুৰাগীয়ে তেওঁৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল, যিখন ছবি বিৰাট কোহলীৰ শেহতীয়া এই ছবিখন লণ্ডনৰ বুলি দাবী কৰা হৈছিল।