শ্বাহৰুখ খানৰ পৰৱৰ্তী ছবি 'জৱান'; কোন অসমীয়া যুৱক থাকিব বলিউড বাদশ্বাহৰ কামাণ্ড টিমত ?

Story by  Ariful Islam | Posted by  Munni Begum • 9 Months ago
শ্বাহৰুখ খানৰ পৰৱৰ্তী ছবি 'জৱান'ৰ পোষ্টাৰ
শ্বাহৰুখ খানৰ পৰৱৰ্তী ছবি 'জৱান'ৰ পোষ্টাৰ
 
আৰিফুল ইছলাম / গুৱাহাটী
 
বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ আহিবলগীয়া বোলছবি 'জৱান'ৰ ট্ৰেইলৰ মুকলি হোৱাৰ লগে লগে খলকনিৰ সৃষ্টি কৰিছে। ছবিখন মুকলি হোৱাৰ পূৰ্বেই অনুৰাগীসকলৰ মাজত ব্যাপক উৎকণ্ঠাৰ সৃষ্টি হৈছে। শ্বাহৰুখ খানৰ অনুৰাগীসকলে উৎসাহেৰে বাট চাইছে ছবিখন মুকলি হোৱালৈ। শেহতীয়াকৈ মুকলি হোৱা শ্বাহৰুখৰ 'পাঠান' ছবিখনে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিলেও বক্স অফিচত ছুপাৰ হিট হ'বলৈ সক্ষম হৈছিল। বহুচৰ্চিত সেই ‘পাঠান’ ছবিত কিং খানৰ সৈতে অভিনয় কৰিছিল অসমৰ সুদৰ্শন অভিনেতা দিগন্ত হাজৰিকাই। এইবাৰ শ্বাহৰুখ খানৰ 'জৱান' ছবিখনত আন এজন অসম সন্তানক দেখিবলৈ পোৱা যাব। তেওঁ হৈছে অসমৰ জনপ্ৰিয় অভিনেতা তথা প্ৰচুৰ প্ৰতিভাৱান পৰিচালক কেনী বসুমতাৰী। 
 
বৰ্তমানলৈ বলিউডত বহুকেইখন চিনেমাত অভিনয় কৰিছে যদিও কেনী বসুমতাৰীৰ বাবে শ্বাহৰুখৰ 'জৱান' ছবিখন অতি বিশেষ। কিয়নো, এইবাৰ তেওঁ অভিনয় কৰিছে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ সৈতে। "শ্বাহৰুখ খানৰ সৈতে কাম কৰিব পোৱাটো মোৰ বাবে এক ডাঙৰ কথা। এতিয়ালৈকে মই যিমান বলিউডৰ ছবি কৰিছোঁ, এইখন আটাইতকৈ ডাঙৰ বোলছবি। সমগ্ৰ বিশ্বৰ কোটি কোটি লোকে এই ছবিখন উপভোগ কৰিব। ছবিখনত শ্বাহৰুখ খানে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। মুখ্য চৰিত্ৰটোৰ পিতৃ এগৰাকী সেনা আৰু তেওঁৰ এটা ৪ জনীয়া কামাণ্ডো দল আছে। সেই ৪ জনীয়া কামাণ্ডো দলৰ মই অন্যতম সদস্য। ছবিখনত আমাৰ অলপ এক্সনৰো দৃশ্য আছে।"
 
 
পূৰ্বতে অভিনয় কৰা বলিউডৰ চিনেমা আৰু ‘জৱান’ৰ মাজৰ পার্থক্যৰ কথা সোধাত কেনী বসুমতাৰীয়ে কয়, “এইখন যথেষ্ট ডাঙৰ বাজেটৰ চিনেমা। মই ইমান ডাঙৰ বাজেটৰ চিনেমা পূৰ্বতে কৰা নাই। আমি মুম্বাই আৰু চেন্নাইত শ্বুটিং কৰিছিলোঁ। চেন্নাইত শ্বুটিঙৰ বাবে এখন মহিলা জেলৰ ছেট বনাইছিল। সেই ছেটটো বনাওঁতে ৪৫ লাখ টকা খৰচ হৈছিল। জেলখনৰ দৃশ্যগ্ৰহণত অভিনয় কৰিবলৈ ২০০ ৰ পৰা ৩০০ জুনিয়ৰ আৰ্টিষ্ট আহিছিল। গতিকে এইখন এখন বহু ডাঙৰ স্কেলৰ ছবি। আমাৰ ইয়াত ৪৫ লাখ টকাত এখন ভাল বোলছবি শ্বুটিঙৰ পৰা মুক্তিলৈকে সম্পূৰ্ণ হৈ যায়। এদিন মই শ্বুটিঙত একাউন্টটেন্টক সুধিছিলোঁ যে এদিনত কিমান খৰছ হয়, তেওঁ মোক প্ৰায় ৭০ লাখ টকা এদিনত খৰছ হয় বুলি কৈছিল। গতিকে ২০০ ৰ পৰা ২৫০ কোটি টকা বাজেটৰ এখন ছবিত অভিনয় কৰাৰ সুযোগ পাইছোঁ, এইটোৱে মোৰ কাৰণে ডাঙৰ কথা।“
 
উল্লেখ্য যে, অসমীয়া ছবিজগততো কেনী বসুমতাৰীয়ে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈ কম বাজেটত কেনীয়ে বহু কেইখন অসমীয়া বোলছবি নিৰ্মাণ কৰিছে আৰু ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে।
 
ৱেব চিৰিজ 'পাতাল লোক' ছুটিংৰ সময়ত
 
শ্বাহৰুখ খানৰ ব্যক্তিত্বৰ কথা উল্লেখ কৰি কেনী বসুমতাৰীয়ে কয়; "তেওঁ বলিউডৰ বাদশ্বাহ হৈয়ো, এগৰাকী সহজ-সৰল ব্যক্তি। এদিন ছুটিঙৰ বাবে আমি ৰৈ আছিলোঁ, তেওঁৰ আহি পোৱাত এঘণ্টা মান দেৰি হ'ল। তেওঁ আহি আমাৰ ওচৰত দেৰি হোৱা বাবে প্ৰথমে ক্ষমা বিচাৰিছিল। শ্বুটিং শেষ হোৱাৰ পিছত সকলোকে মাত লগাই যায়। সৰু-ডাঙৰ সকলো কলা-কৌশলীৰ তেওঁ খবৰ লৈ থাকে।"
 
কেনী বসুমতাৰীয়ে বলিউডত অভিনয় কৰাৰ সুযোগ ইমান সহজে পোৱা নাছিল। সৰু সৰু বিজ্ঞাপনৰ বাবে দীঘলীয়া শাৰী পাতি বহু অডিচন দিবলগীয়া হৈছিল। কেনীয়ে মুম্বাইত স্ক্ৰীপ্ট ৰাইটিং প্ৰতিযোগিতা এটাত নিৰ্বাচিত হোৱাৰ পিছত এটা কৰ্মশালাত অংশগ্ৰহণৰ সুযোগ পাইছিল। তেনেকৈ আৰম্ভ হৈছিল কেনী বসুমতাৰীৰ বলিউডত অভিনয়ৰ যাত্ৰা। প্ৰথম বাৰৰ বাবে তেওঁ বলিউডত Shanghaiত অডিচন দিছিল আৰু অভিনয়ৰ সুযোগ পাইছিল। তাৰপিছত 'মেৰী কম', 'য়াৰা'ত অভিনয়ৰ সুযোগ পায় আৰু বৰ্তমানলৈ তেওঁ বহু কেইখন বলিউডৰ চিনেমাত অভিনয় কৰিছে।
 
বলিউডৰ জনপ্রিয় অভিনেতা বিজয় বাৰ্মাৰ সৈতে কেনী
 
অসমীয়া ছবিৰ কথা উল্লেখ কৰি কেনী বসুমতাৰীয়ে কয়; "কিছুমানে কয় যে মানুহে অসমীয়া চিনেমা নাচায়। কিন্তু শেহতীয়াকৈ কেইখনমান অসমীয়া চিনেমাই এই কথা ভুল বুলি প্ৰমাণিত কৰিছে। প্ৰথমতে চিনেমাখনৰ কাহিনী ভাল হ'ব লাগিব। চিনেমা এখন যদি চাৰিওফালৰ পৰা ভাল হয়, তেন্তে মানুহে চাবই। ডাঙৰ বাজেটৰ চিনেমা বনাবলৈ অসমত ছবিগৃহৰ সংখ্যা বৃদ্ধি হ'ব লাগিব”।
মনকৰিবলগীয়া যে, ২০২৪ চনৰ শিক্ষক দিৱসৰ দিনা কেনী বসুমতাৰীৰ পৰিচালনাৰে 'লোকেল কুম্ফু ৩' ছবিগৃহত মুকলি হ'ব। 
 
চলিত বৰ্ষৰ শেষৰ ফালে ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হ'ব। ইতিমধ্যে লোকেল কুম্ফু প্ৰথম আৰু দ্বিতীয়খনে দৰ্শকৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ বাহিৰেও কেনীয়ে অভিনয় কৰা ‘জীয়া’ আৰু ‘গোলাই চুৰ’ নামৰ ছবি দুখনো শীঘ্ৰে মুক্তি লাভ কৰিব।