'জৱান' মুক্তিৰ পূৰ্বে তিৰুমালা মন্দিৰত প্ৰাৰ্থনা শ্বাহৰুখ খানৰ

Story by  atv | Posted by  [email protected] • 10 Months ago
'জৱান' মুক্তিৰ পূৰ্বে তিৰুমালা মন্দিৰত প্ৰাৰ্থনা শ্বাহৰুখ খানৰ
'জৱান' মুক্তিৰ পূৰ্বে তিৰুমালা মন্দিৰত প্ৰাৰ্থনা শ্বাহৰুখ খানৰ
 
তিৰুপতি
 
মঙলবাৰে বলীউডৰ অভিনেতা শ্বাহৰুখ খানে পৰিয়ালৰ সৈতে ইয়াৰ তিৰুমালা মন্দিৰত প্ৰাৰ্থনা কৰে। সোমবাৰে নিশা মন্দিৰত উপস্থিত হোৱা অভিনেতাগৰাকীয়ে পুৱাৰ ভাগত বিখ্যাত পাহাৰীয়া মন্দিৰটো দৰ্শন কৰে।
 
 
পত্নী গৌৰী খান, কন্যা সুহানা খান আৰু অভিনেতা নয়নথৰাৰ সৈতে তিৰুমালা মন্দিৰত সেৱা কৰে।
 
তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ৰ বিষয়াসকলে খানক মন্দিৰত উপস্থিত হোৱাৰ লগে লগে আদৰণি জনায়। অভিনেতাগৰাকী আৰু তেওঁৰ পৰিয়ালে প্ৰাৰ্থনা কৰাৰ সকলো সুব্যৱস্থা কৰা হৈছিল। 
 
দৰ্শনৰ অন্তত খান আৰু তেওঁৰ পৰিয়ালে ৰঙানয়কুলা মণ্ডপামত উপস্থিত হয় য'ত পুৰোহিতসকলে বেদ আশীৰ্বাচনম কৰি তীৰ্থ প্ৰসাদ দিয়ে।
 
শ্বাহৰুখ খানে তেওঁৰ বহু প্ৰত্যাশিত চিনেমা ‘জৱান’ মুক্তিৰ পূৰ্বে তিৰুমালা মন্দিৰত প্ৰাৰ্থনা কৰে।
 
গৌৰী খানৰ প্ৰযোজনা কৰা এই ছবিখন অহা ৭ ছেপ্টেম্বৰত মুক্তি পাব।ছবিখনত অভিনয় কৰিছে বিজয় সেতুপতি, নয়নথাৰা, দীপিকা পাডুকন, প্ৰিয়মণি, সঞ্জয় দত্ত আদিয়ে।