আন্তঃৰাষ্ট্ৰীয় চেন্নাই চলচ্চিত্র মহোৎসৱলৈ নির্বাচিত 'দা লাষ্ট অ'নাৰ'

Story by  atv | Posted by  Munni Begum • 1 Years ago
 'দা লাষ্ট অ'নাৰ'ৰ পোষ্টাৰ
'দা লাষ্ট অ'নাৰ'ৰ পোষ্টাৰ
 
গুৱাহাটী
 
গুৱাহাটীৰ জেউতি প্ৰডাকচনৰ বেনাৰত মৃণাল বিন কুটুব প্রযোজিত আৰু ৰ'জী বৰা পৰিচালিত নতুন অসমীয়া চলচ্চিত্র 'দা লাষ্ট অ'নাৰ' আন্তঃৰাষ্ট্ৰীয় চেন্নাই চলচ্চিত্র মহোৎসৱলৈ নির্বাচিত হৈছে। অহা ১৪ ডিচেম্বৰত আৰম্ভ হ'বলগীয়া ২১ সংখ্যক এই চলচ্চিত্র মহোৎসৱত চিনেমাখন প্রদর্শিত হ'ব। 
 
জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাৰ কাহিনী, কুশল কুমাৰ গগৈৰ চিত্ৰনাট্য আৰু অমৃত প্রীতম আৰু দেৱজিৎ চাংমায়ে ছাউণ্ড ডিজাইন কৰা এই চিনেমাখনৰ উক্ত চলচ্চিত্র মহোৎসৱত প্রিমিয়াৰো হ'ব।   
 
উল্লেখ নকৰি নোৱাৰি যে 'দা লাষ্ট অ'নাৰ' বাইশসংখ্যক ঢাকা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শনৰ বাবেও নির্বাচিত হৈছে। অহা ২০ জানুৱাৰীত আৰম্ভ হ'বলগীয়া এই মহোৎসৱৰ প্ৰতিযোগিতা শাখাত অন্তর্ভুক্ত হৈছে পূর্ণ দৈর্ঘ্যৰ এই অসমীয়া চলচ্চিত্রখন। 
 
দা লাষ্ট অ'নাৰত অভিনয় কৰিছে প্রয়াস ফুকন, জীনা বৈশ্য, ৰাজীৱ ক্র', মন্মথ বৰুৱা, হেমন্ত  দেৱনাথ, ডাঃ হিতেশ বৰুৱা, দীপক কুমাৰ ৰয়,  কুশল কুমাৰ গগৈ, অপূর্ব ডেকা, প্রজ্ঞাশ্রী হাজৰিকা আদিয়ে।