কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হ'ব 'দা অ'ল্ড মেনছ অ'ড'

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
যুৱ ছবি পৰিচালক সৌৰভ ৰয়ৰ 'দা অ'ল্ড মেনছ অ'ড' শীর্ষক অসমীয়া চুটি ছবিখন বহুল সমাদৃত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ ২৯ সংখ্যক সংস্কৰণত প্রদর্শিত হ'ব। 
 
চুটি ছবিখন ক্রমে ৭ আৰু ১২ ডিচেম্বৰত নন্দন আৰু শিশিৰ মঞ্চত প্ৰদৰ্শনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে অপেছাদাৰী নাট্যজগতৰ এগৰাকী বিশিষ্ট ব্যক্তি ছবিখনৰ মুখ্য অভিনেতা ৰাণাজ্যোতি বৰুৱাৰ লগতে অচিন্ত্য শর্মাকে ধৰি চলচ্চিত্ৰৰ সম্পূর্ণ দলটো ডিব্রুগড়ৰ।
 
ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নির্মিত বগীবিল দলঙৰ পাৰৰ মনোমোহা পৰিবেশত ছবিখনৰ সম্পূর্ণ দৃশ্যগ্রহণ ডিব্ৰুগড়তে কৰা হৈছে।ইতিমধ্যে তেওঁৰ প্রথম চুটি চলচ্চিত্র 'ইউ অলৱেজ/ইউ নেভাৰ'য়ে প্রসিদ্ধ আন্তঃৰাষ্ট্রীয় আৰু ৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত স্বীকৃতি লাভ কৰিছে।
 
উল্লেখ্য যে দ্রষ্টব্যৰ ভিতৰত আছে ছুইডেনৰ লুলিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰু ভাৰতৰ একমাত্র অস্কাৰ যোগ্যতা অর্জনকাৰী মহোৎসৱ বাংগালুৰু আন্তঃৰাষ্ট্রীয় চুটি চলচ্চিত্র মহোৎসৱ। 
 
পৰিচালক সৌৰভ ৰয়ে 'দা অ'ল্ড মেনছ অ'ড' বাছনিৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত দৰ্শকৰ সৈতে ছবিখন উপভোগ কৰিবলৈ তেওঁ অতি আশান্বিত বুলি জানিবলৈ দিয়ে।