অসমীয়া ব্লকব্লাষ্টাৰ 'ৰঘুপতি'ৰ খলনায়কজনৰ ৰিয়েল লাইফৰ আমোদজনক কাহিনী

Story by  atv | Posted by  [email protected] • 1 Years ago
ইজাজুল হক
ইজাজুল হক
 
আৰিফুল ইছলাম / গুৱাহাটী

অসমীয়া ছবিজগতলৈ শেহতীয়াকৈ নতুন জোৱাৰ কঢ়িয়াই আনিছে ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি'-এ। কাহিনী, চিত্ৰনাট্য, সংলাপ, সংগীত আৰু একছনৰ ক্ষেত্ৰত ৰঘুপতি কোনোগুনেই বলিউড বা দক্ষিণাত্যৰ ছুপাৰহিট ছবিতকৈ কম নহয়। অভিনৱ কাহিনী, চমকপ্ৰদ চিত্ৰনাট্য আৰু মনোমোহা সংগীতৰ সমান্তৰালকৈ 'ৰঘুপতি'ৰ সফলতাৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে ছবিখনৰ অত্যাধুনিক ফাইট আৰু একছন। বাহুবলী নায়ক ৰবি শৰ্মাৰ আকৰ্ষণীয় ফাইট আৰু একছনে অসমীয়া ছবিজগতক এক নতুন মাত্ৰা প্ৰদান কৰিছে। জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ সৈতে এই ছবিখনত ফাইট কৰা এজন সুদৰ্শন অভিনেতা হ'ল ইজাজুল হক।
 
ব্লকব্লাষ্টাৰ 'ৰঘুপতি'ৰ জৰিয়তে অসমীয়া ছবিজগতত আত্মপ্ৰকাশ ঘটোৱা ইজাজুল হকে 'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাত্‍কাৰত তেওঁৰ ৰীল লাইফ আৰু ৰিয়েল লাইফৰ কেইবাটাও আমোদজনক তথ্য প্ৰকাশ কৰে। পৰিচালক সুব্ৰত কাকতিয়ে তেওঁক ৰঘুপতিত অভিনয়ৰ সুযোগ দিছিল বুলি উল্লেখ কৰি তেওঁ কয়,"পৰিচালক সুব্ৰতে মোক এদিন উজান বজাৰলৈ মাতিছিল। তাত প্ৰথম মই ৰবি শৰ্মাক লগ পাইছিলোঁ। সেয়া আছিল ২০১৮ চনৰ কথা। তাত আমি এটা সৰু শ্বুটত অংশ লৈছিলো। ইয়াৰ পিছত ২০২০ চনৰ পৰা আমাৰ শ্বুটিং ভালকৈ আৰম্ভ হৈছিল। ২০১৮ চনৰ ডিচেম্বৰত মই মিষ্টাৰ এছিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছো। সেই সময়ত মোৰ শৰীৰটো বহুত ধুনীয়া হৈ আছিল। ২০২০ চনৰ জানুৱাৰীত আমি শ্বুটিং কৰি থকাৰ সময়ত হঠাতে লকডাউন আহিল। আমি ফাইটৰ কিছুমান দৃশ্যগ্ৰহণৰ বাবে হায়দৰাবাদ যোৱা কথা আছিল। কিন্ত লকডাউনৰ বাবে যোৱা নহ'ল আৰু পিছত আমি সেই দৃশ্যসমূহ মেঘালয়ত শ্বুটিং কৰিলোঁ।"
 

লকডাউনৰ সময়ত নিয়মীয়াকৈ শৰীৰচৰ্চা কৰিব নোৱাৰাৰ বাবে ইজাজুল হকৰ শৰীৰৰ গঠনৰ অৱনতি ঘটিছিল। লকডাউন শেষ হোৱাৰ পিছত যেতিয়া 'শ্ৰী ৰঘুপতি' শ্বুটিংৰ বাবে পৰিচালকে ইজাজুলক পুনৰবাৰ মাতিছিল, তেতিয়া শৰীৰৰ গঠন পূৰ্বৰ দৰে কৰিবলৈ তেওঁৰ হাতত আছিল মাত্ৰ ৪০ দিন। এই কম সময়ছোৱাৰ ভিতৰত ইজাজুলে কঠোৰ পৰিশ্ৰম আৰু ত্যাগেৰে শৰীৰটো পুনৰ পূৰ্বৰ দৰে আটিল আৰু সুঠাম কৰি তুলে। 
 
ইজাজুলে কয়; "অভিনয়ৰ প্ৰতি মই বহু আগৰ পৰাই আগ্ৰহী। এতিয়া এখন ছবিৰ শ্বুটিং কৰি আছো। বহুত ধুনীয়া ছবি হ'ব এইখনো। অহা বছৰলৈ ৰাইজে ছবি গৃহত দেখিবলৈ পাব। মই বহুত ভাগ্যবান, কাৰণ প্ৰথম চিনেমাখনে ৰবি শৰ্মাৰ দৰে অভিনেতাৰ লগত কৰিব পাৰিছোঁ। ৰবি শৰ্মা এগৰাকী বহুত ভাল ব্যক্তি। তেওঁ কামৰ প্ৰতি যথেষ্ট সমৰ্পিত। ৰবি শৰ্মাক দেখিলেই মই উৎসাহ পাওঁ।"
 
চিত্ৰগ্ৰহণৰ সময়ত ৰবি শৰ্মাৰ সৈতে ইজাজুল হক
 
শৰীৰচৰ্চাবিদৰ পৰা অভিনেতা হোৱা ইজাজুলে কয় যে ছবি এখনত নায়কজনক শক্তিশালী দেখুৱাবলৈ খলনায়কজনো শক্তিশালী হ'ব লাগিব। "ফাইটৰ দৃশ্যত নায়কে যেতিয়া শক্তিশালী শৰীৰ থকা খলনায়ক এজনেৰে ফাইট কৰিব, তেতিয়া দৰ্শকে চাই ভাল পায়। অসমীয়া চিনেমাৰ ধাৰা এতিয়া সলনি হৈছে। মানুহে ৰঘুপতিক আঁকোৱালি লৈছে, ভাল লাগিছে। আগন্তুক দিনত বলিউড বা অন্য চিনেমা উদ্যোগত যোৱাৰ ইচ্ছা আছে। কিন্তু আমাৰ অসমীয়া চিনেমাও বাহিৰৰ লগত ফেৰ মাৰিব পৰা হৈছে", ইজাজুল হকে কয়।
 
অভিনয়ৰ উপৰিও ইজাজুল হকে শৰীৰচৰ্চাৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হ'বলৈ সক্ষম হৈছে। মিষ্টাৰ গোলাঘাট, মিষ্টাৰ কাজিৰঙা, মিষ্টাৰ অসম, ২০১৭ চনত মিষ্টাৰ ইণ্ডিয়া, মিষ্টাৰ এছিয়া, মিষ্টাৰ এছিয়া পেচিফিক আদিৰ দৰে ৰাষ্ট্রীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লৈ সফলতা অৰ্জন কৰিছে।
 
'শ্ৰী ৰঘুপতি'ৰ দৃশ্য
 
জন্মসূত্ৰে গোলাঘাটৰ অভিনেতাজনে ভৱিষ্যত পৰিকল্পনাৰ কথা উল্লেখ কৰি কয় যে যিহেতু তেওঁ এগৰাকী জিম প্ৰশিক্ষক, গতিকে এই কৰ্মটো আগুৱাই লৈ যাব লাগিব। আগন্তুক দিনত যদি চিনেমাত সুযোগ লাভ কৰ, তেন্তে তেওঁ শৰীৰটো ভালে ৰাখি চিনেমাতো কাম কৰি যাব বিচাৰে।
 
যুৱ-প্ৰজন্মক আহ্বান জনাই ইজাজুল হকে কয় যে বৰ্তমান সময়ত শৰীৰচৰ্চা যথেষ্ট প্ৰয়োজনীয়। কাৰণ আজিকালি ভাল খাদ্য খালেও মানুহৰ বেমাৰ হয়। তাৰোপৰি বহু ডেকা যুৱক-যুৱতীয়ে মাদক দ্ৰব্য বা ধূমপান কৰে। ফলত বিভিন্ন বেমাৰে দেখা দিয়ে। গতিকে শৰীৰচৰ্চা কৰাটো মানুহৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়। কেৱল যে বদী বনাবলৈ শৰীৰচৰ্চা কৰিব তেনে নহয়, নিজৰ শৰীৰটো সুস্থ ৰাখিবলৈ শৰীৰচর্চা কৰিব লাগে। যুৱ-প্ৰজন্মই শৰীৰচর্চা কৰক আৰু নিজৰ নিজৰ কামেৰে নিজৰ ৰাজ্য বা দেশৰ কাৰণে সম্পদ ৰূপে গঢ় লওক।