'জিকিৰ গাওঁ আঁহক' অনুষ্ঠানত অংশগ্ৰহণ কৰিব এহেজাৰ শিল্পীয়ে

Story by  atv | Posted by  Munni Begum • 18 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
অসম গৰিয়া-মৰিয়া পৰিষদে অহা ৯ এপ্ৰিলত 'জিকিৰ গাওঁ আঁহক' শীর্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ ১১ বজাৰ পৰা এই অনুষ্ঠান অনুষ্ঠিত হ'ব। এহেজাৰ শিল্পীয়ে একেলগে অনুষ্ঠানত গাব 'মোৰ মনত ভেদ ভাব নাই অ' আল্লাহ' শীর্ষক জিকিৰ। 
 
অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম ভিত্তিত জিকিৰ-জাৰী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম গৰিয়া পৰিষদৰ নেতৃবর্গই এই বিষয়ে জানিবলৈ দিয়ে। পৰিষদৰ সভাপতি আব্দুল হামিদে কয়, "আজান ফকীৰৰ জিকিৰ আৰু জাৰী থাকিলেহে অসমীয়া মুছলমানৰ অস্তিত্ব থাকিব। জিকিৰ-জাৰীয়ে অসমীয়া মুছলমানৰ পৰিচয়। অসমৰ লোক-সংস্কৃতিৰ অন্যতম লোকসংগীত জিকিৰ আৰু জাৰী আমাৰ সমাজ জীৱনৰ পৰা লাহে লাহে হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেয়ে জিকিৰ-জাৰীক জীয়াই ৰখাৰ প্রয়াসেৰে 'জিকিৰ গাওঁ আঁহক' অনুষ্ঠানৰ আয়োজন কৰা হৈছে।" 
 
এই অনুষ্ঠানত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, সদৌ অসম চৈয়দ ন্যাস আৰু সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে সহযোগিতা আগবঢ়াইছে বুলি পৰিষদৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।  
অসম গৰিয়া পৰিষদৰ সাধাৰণ সম্পাদক ৰহামছা আলীয়ে কয়, "জিকিৰ গাওঁ আঁহক' অনুষ্ঠানত জাতি-ভাষা-বর্ণ নির্বিশেষে সকলো শিল্পীকে যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে সকলো জাতীয় সংগঠন, অনুষ্ঠান-প্রতিষ্ঠান আৰু শুভাকাংক্ষীৰ সহযোগিতা বিচাৰিলোঁ। জিকিৰ আৰু জাৰী প্ৰতিযোগিতাৰ ক্ষেত্ৰত প্রয়োজনীয় বিচাৰকমণ্ডলী সমিতি গঠন কৰা হৈছে।"