উৰ্দু পাকিস্তান বা ইজিপ্তৰ নহয়, এই শুৱলা ভাষাটি হিন্দুস্তানৰ: জাভেদ আখতাৰ

Story by  atv | Posted by  Munni Begum • 12 d ago
গীতিকাৰ জাভেদ আখটাৰ আৰু তেওঁৰ সহধৰ্মিণী অভিনেত্ৰী শ্বাবানা আজমী
গীতিকাৰ জাভেদ আখটাৰ আৰু তেওঁৰ সহধৰ্মিণী অভিনেত্ৰী শ্বাবানা আজমী
 
মুম্বাই
 
পত্নী শ্বাবানা আজমীৰ সৈতে 'ছায়াৰানা-সাৰতাজ' শীৰ্ষক উৰ্দু কবিতা এলবাম উন্মোচন কৰি জাভেদ আখতাৰে উৰ্দু ভাষাৰ গুৰুত্ব আৰু ইয়াৰ অতীতৰ বিকাশ আৰু প্ৰাধান্যত পঞ্জাৱে লোৱা ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত তেওঁ কয় যে উৰ্দু পাকিস্তান বা ইজিপ্তৰ নহয়, এই শুৱলা ভাষাটি হিন্দুস্তানৰ হয়।   
 
পঞ্জাৱৰ পৰা প্ৰায় বিলুপ্ত হৈ যোৱা ‘উৰ্দু’ ভাষাৰ কবিতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰি প্ৰবীণ গীতিকাৰ তথা সাহিত্যিক গৰাকীয়ে কবিতা সজীৱ কৰি ৰখাৰ বাবে ড০ সতীন্দৰ সাৰতাজক প্ৰশংসা কৰিছিল।
 
অনুষ্ঠানত জাভেদে উল্লেখ কৰিছিল যে, "উৰ্দু ভাষা আন কোনো ঠাইৰ পৰা অহা নাই...এয়া আমাৰ নিজৰ ভাষা। ইয়াক হিন্দুস্তানৰ বাহিৰত কোৱা নহয়। পাকিস্তানও ভাৰতৰ পৰা বিভাজনৰ পিছত অস্তিত্বলৈ আহিছিল। কিয়নো আগতে ই কেৱল ভাৰতৰ অংশ আছিল। গতিকে ভাষাটো হিন্দুস্তানৰ বাহিৰত কোৱা নহয়।" 
 
এক অনুষ্ঠানত গীতিকাৰ জাভেদ আখটাৰে বক্তব্য প্ৰদান কৰা এক মূহুৰ্ত
 
তেওঁ লগতে কয়, “উৰ্দুৰ প্ৰতি পঞ্জাৱৰ এক বৃহৎ অৱদান আছে আৰু ই ভাৰতৰ ভাষা! কিন্তু এই ভাষাটো কিয় এৰা হৈছিল? বিভাজনৰ বাবে? পাকিস্তানৰ কাৰণে? উৰ্দুক গুৰুত্ব দিব লাগে। আগতে কেৱল হিন্দুস্তান আছিল, হিন্দুস্তানৰ পৰা বিচ্ছিন্ন হৈ পাকিস্তান হৈছিল। এতিয়া পাকিস্তানে ক'লে যে কাশ্মীৰ আমাৰ...আপুনি সেইটো বিশ্বাস কৰিবনে? মই ভাবো 'নকৰে'! ঠিক তেনেদৰে উৰ্দু হিন্দুস্তানৰ ভাষা আৰু ই তেনেকৈয়ে হৈয়েই আছে। আজিকালি নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে আমাৰ দেশত উৰ্দু আৰু হিন্দী কমকৈ কয়। আজি অধিক গুৰুত্ব ইংৰাজীত। আমি হিন্দীত কথা ক'ব লাগিব কাৰণ ই আমাৰ ৰাষ্ট্ৰীয় ভাষা।”  
 
ভাষা ধৰ্মৰ ওপৰত ভিত্তি কৰি নহয়, অঞ্চলৰ ওপৰত নিৰ্ভৰশীল বুলিও লেখকগৰাকীয়ে বিশ্বাস কৰি আছিল। ইউৰোপৰ উদাহৰণ দি তেওঁ কৈছিল যে ভাষা যদি ধৰ্মৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে, তেন্তে ইয়াৰ মাত্ৰ এটা ভাষাহে থাকিব।  
 
যোৱা মাহত জাভেদে উৰ্দুৰ প্ৰখ্যাত কবি ফৈজ আহমেদ ফাইজৰ স্মৃতিত আয়োজিত এক সাহিত্য অনুষ্ঠানৰ বাবে ভ্ৰমণ কৰিছিল। জাভেদে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ বিষয়ে কোৱা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
লেখক গৰাকীয়ে কয়, "মই ক'বলৈ কুণ্ঠাবোধ নকৰোঁ যে যদিও আমি আমাৰ দেশত নুছৰত ফতেহ আলী খান চাহাব আৰু মেহেদী হাছান চাহাবৰ বহু বিশাল অনুষ্ঠান আয়োজন কৰিছো, তথাপিও লতা মংগেশকাৰজীৰ এটাও অনুষ্ঠান আয়োজন কৰিব নোৱাৰিলে।"
 
তেওঁ যোৱা সপ্তাহত ৯ মাৰ্চত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰয়াত অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকৰ ঘৰলৈ গৈছিল। সতীশে সপ্তাহৰ আৰম্ভণিতে জাভেদৰ ঘৰলৈ গৈ হোলী উদযাপন কৰিছিল।