অভিনেত্ৰী আলিয়া ভাটৰ স্বাক্ষৰৰ জালিয়তি কৰি ৭৭ লাখ টকা লুট বেদিকা প্ৰকাশ শ্বেট্টীৰ

Story by  atv | Posted by  Munni Begum • 3 d ago
বেদিকা প্ৰকাশ শ্বেট্টী আৰু অভিনেত্ৰী আলিয়া ভাট
বেদিকা প্ৰকাশ শ্বেট্টী আৰু অভিনেত্ৰী আলিয়া ভাট
 
মুম্বাই 
 
অভিনেত্ৰী আলিয়া ভাটৰ প্ৰাক্তন ছেক্ৰেটেৰী বেদিকা প্ৰকাশ শ্বেট্টীক মুম্বাইৰ জুহু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিনেত্ৰী আলিয়া ভাটৰ সৈতে ৭৭ লাখ টকাৰ জালিয়াতি কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। কিছুমাহ পূৰ্বে অভিনেত্ৰীগৰাকীৰ মাতৃ ছোনী ৰাজদানৰ অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে।     
 
গোচৰ ৰুজু হোৱাৰ প্ৰায় পাঁচ মাহৰ পাছত বেংগালুৰুত গ্ৰেপ্তাৰ কৰা হয় শ্বেট্টীক। ৮ জুলাইত আদালতত হাজিৰ কৰোৱা হয় আৰু ১০ জুলাইলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। 
 
এই প্ৰৱঞ্চনা পোহৰলৈ অহাৰ পিছৰে পৰা পলাতক হৈ আছিল অভিযুক্ত শ্বেট্টী। বেদকাই আলিয়া ভাটৰ স্বাক্ষৰৰ জালিয়তি কৰি দুবছৰৰ ভিতৰত ৭৬.৯ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। 
 
তদন্ত চলি থকাৰ সময়তে আৰু অধিক সবিশেষ তথ্য বাবে অপেক্ষা কৰি থকাৰ সময়তে আলিয়া বা তেওঁৰ দলটোৱে এই সন্দৰ্ভত এতিয়ালৈকে কোনো বিবৃতি প্ৰকাশ কৰা নাই। 
 
বাস্তৱ, কালজয়ী আৰু হৃদয়স্পৰ্শী কাহিনীৰ ওপৰত গুৰুত্ব আৰোপ কৰা 'হেপী ফিল্ম' নিৰ্মাণৰ দৃষ্টিভংগীৰে আলিয়া ভাটৰ প্ৰডাকচন হাউচ ইটাৰ্নেল ছানশ্বাইন প্ৰডাকচন ২০২১ চনত আৰম্ভ হৈছিল। কোম্পানীটোৰ প্ৰথম প্ৰজেক্ট 'ডাৰ্লিংছ' শ্বাহৰুখ খানৰ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ সহযোগত নিৰ্মাণ কৰা হৈছিল। 
 
ইফালে, কৰ্মক্ষেত্ৰত আলিয়াক পৰৱৰ্তী সময়ত চোৰাংচোৱা বিশ্বব্ৰহ্মাণ্ডৰ চিনেমা ‘আলফা’ত দেখা যাব। ইয়াৰ উপৰিও শ্বাৰৱৰী ৱাগেৰ মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখন ২০২৫ চনৰ ২৫ ডিচেম্বৰত মুক্তি পাব।
 
ইয়াৰ উপৰিও ভটে অতি সোনকালে তেওঁৰ স্বামী ৰণবীৰ কাপুৰৰ সৈতে সঞ্জয় লীলা ভাঞ্চালীৰ ‘লাভ এণ্ড ৱাৰ’ৰ বাবেও একেলগ্ৰ কাম কৰিব। এই ছবিখনৰ বিকি কৌশলেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।