মাইক্ৰ’ছফ্ট ইণ্ডিয়া ডেভেলপমেণ্ট চেণ্টাৰ ভ্ৰমণ বিল গেটছৰ

Story by  atv | Posted by  [email protected] • 2 Months ago
মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছৰ সৈতে মাইক্ৰ’ছফ্ট আইডিচিৰ পৰিচালন সঞ্চালক ৰাজীৱ কুমাৰ
মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছৰ সৈতে মাইক্ৰ’ছফ্ট আইডিচিৰ পৰিচালন সঞ্চালক ৰাজীৱ কুমাৰ
 
নতুন দিল্লী

মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে বুধবাৰে হায়দৰাবাদৰ মাইক্ৰ’ছফ্ট ইণ্ডিয়া ডেভেলপমেণ্ট চেণ্টাৰ (আইডিচি) পৰিদৰ্শন কৰে। এই উদ্ভাৱনৰ কেন্দ্ৰটোৰ কথা তেওঁ ১৯৯৮ চনত কল্পনা কৰিছিল। আইডিচিয়ে ইয়াৰ ২৫ বছৰীয়া যুগান্তকাৰী গৱেষণা, অভিযান্ত্ৰিক, আৰু উন্নয়ন উদযাপন কৰিছে, যিয়ে বিশ্বমানৰ সামগ্ৰী যেনে Azure, Windows, Office, Bing, Copilot, আৰু অন্যান্য AI এপ্লিকেচনসমূহ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
 
মাইক্ৰ’ছফ্ট আইডিচিৰ পৰিচালন সঞ্চালক আৰু এক্সপিৰিয়েন্স  ডিভাইচ ইণ্ডিয়াৰ চিভিপি ৰাজীৱ কুমাৰে এক বিবৃতিত কয় যে বিল গেটছে আমাৰ আটাইতকৈ ডাঙৰ সম্পদ আইডিচিত ভাৰতৰ কিছুমান প্ৰতিভাৱান অভিযন্তাৰ সৈতে মন বিনিময় কৰাটো অত্যন্ত প্ৰেৰণাদায়ী কথা।
 
উল্লেখ্য যে, চলিত সপ্তাহৰ আৰম্ভণিতে বিল গেটছে লিংকডইন পোষ্টত ভাৰত ভ্ৰমণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰি কয় যে, ভাৰতে কেনেকৈ কোটি কোটি লোকৰ জীৱন উন্নত কৰাৰ বাবে স্বাস্থ্য, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, জলবায়ুৰ উন্নতিৰ বাবে উদ্ভাৱনীমূলক নতুন উপায় বিচাৰি পাইছে সেই বিষয়ে জানিবলৈ মই অপেক্ষা কৰি আছো।
 
তেওঁৰ ব্লগত মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁ এই সপ্তাহত ভাৰত ভ্ৰমণ কৰি আছে আৰু তেওঁ কেনেকৈ ভাৰতৰ সৈতে কাম কৰি যাব পাৰে, যাতে ইয়াৰ ধাৰণা আৰু উদ্ভাৱনসমূহ প্ৰয়োজনীয় সকলোৰে ওচৰলৈ যোৱাত সহায় কৰিব পাৰে, সেই বিষয়ে আলোচনাত মিলিত হ'ব। 
 
গেটছে লগতে কয় যে এই সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সময়ত এইটো এটা মূল বিষয় হ’ব।