আজি ভাৰতত মুকলি হ'ল গেলাক্সি এছ ২৫ এজ স্মাৰ্টফোন

Story by  atv | Posted by  Munni Begum • 18 d ago
গেলাক্সি এছ ২৫ এজ  স্মাৰ্টফোন
গেলাক্সি এছ ২৫ এজ স্মাৰ্টফোন
 
হায়দৰাবাদ
 
বহু মাহৰ অপেক্ষাৰ অন্তত আজি ভাৰতত মুকলি হ'ল গেলাক্সি এছ ২৫ এজ (Galaxy S25 Edge)৷ কোম্পানীটোৱে ভাৰ্চুৱেলী আয়োজিত কৰা এক অনুষ্ঠানত এই স্মাৰ্টফোনটো মুকলি কৰে৷ মুকলিৰ লগে লগে কোম্পানীটোৱে এই আল্ট্ৰা শ্লীম ফ্লেগশ্বিপ স্মাৰ্টফোন গেলাক্সি এছ ২৫ এজৰ বিভিন্ন বৈশিষ্ট্যৰ বিষয়ে প্ৰকাশ কৰিছে৷  
 
আশা কৰা ধৰণেই এই ফোনটোত ২০০MP কেমেৰা দিয়া হৈছে৷ দক্ষিণ কোৰিয়াৰ এই প্ৰতিষ্ঠানটোৱে প্ৰথমবাৰৰ বাবে জানুৱাৰী মাহত গেলাক্সি আনপেকড ইভেণ্টত এই স্মাৰ্টফোনটো মুকলিৰ ইংগিত দিছিল। পৰৱৰ্তী সময়ত মোবাইল ৱৰ্ল্ড কংগ্ৰেছ (MWC)তো ইয়াক মুকলি কৰা হ’ব বুলি ইংগিত দিছিল, যাৰ ফলত ইয়াৰ শ্লীম ডিজাইন সন্দৰ্ভত সম্যক ধাৰণা পোৱা গৈছিল। 
 
ছেমছাঙে এই স্মাৰ্টফোনটো ‘Beyond Slim’ বুলি উল্লেখ কৰিছে৷ গেলাক্সি এছ ২৫ এজ স্মাৰ্টফোনটোৰ ঘনত্ব ৫.৮ মিমি৷ এই স্মাৰ্টফোনটোত গেলেক্সী প্ৰচেছৰৰ বাবে কোৱালকাম স্নেপড্ৰেগন ৮ ইলাইট আৰু সুৰক্ষাৰ বাবে কৰ্ণিং গৰিলা গ্লাছৰ লেয়াৰৰ সৈতে ৬.৭ ইঞ্চি LTPO এম’ল্ড ডিছপ্লে আছে৷ লগতে গেলেক্সীৰ বাবে কাষ্টমাইজ কৰা স্নেপড্ৰেগন ৮ এলিট চিপছেট আছে।
 
মাত্ৰ ১৬৩ গ্ৰাম ওজনৰ গেলাক্সি এছ২৫ এজত টাইটানিয়াম ফ্ৰেম আছে, যিটো ডিভাইচৰ সন্মুখত কৰ্নিং গৰিলা গ্লাছ চিৰামিক ২ আৰু পিছফালে কৰ্নিং গৰিলা গ্লাছ ভিক্টাছ ২ ৰ সৈতে অধিক শক্তিশালী কৰা হৈছে। ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে গেলাক্সি এছ ২৫ এজ IP68 ৰেটিং দিয়া হৈছে। ইয়াত ৱান ইউআই ৭ চলি আছে, যিটো গেলাক্সি এআই আৰু জেমিনি ইন্টিগ্ৰেচনৰ দ্বাৰা চালিত। 
 
ছেমছাং গেলেক্সি এছ২৫ এজত কোম্পানীটোৱে পিছফালৰ কোমেৰাটো ২০০MP দিয়াৰ লগতে সমুখৰ কেমেৰাটো প্ৰদান কৰিছে ১২MP৷ ইয়ে ইয়াকে বুজাই যে, এই ফোনটোত কোম্পানীয়ে প্ৰ' গ্ৰেড কেমেৰা প্ৰদান কৰিছে৷ 
 
এই ফোনটোত ছেমছাঙে ২৫W চাৰ্জিং সমৰ্থনৰ সৈতে ৩৯০০mAh বেটাৰী প্ৰদান কৰিছে৷ কোম্পানীটোৱে দাবী কৰিছে যে, এই ফোনটো মাত্ৰ ৩০ মিনিটতে ৫৫ শতাংশ চাৰ্জ কৰিব পৰা যাব৷  
 
আমেৰিকাত ১০৯৯ ডলাৰৰ পৰা আৰম্ভ হ’ব গেলেক্সি এছ২৫ এজ। ইয়াৰ প্ৰি-অৰ্ডাৰ ১৩ মে’ৰ পৰা আৰম্ভ হ’ব৷ ২০২৫ চনৰ ২৩ মে’ৰ পৰা বিক্ৰীৰ বাবে উপলব্ধ হ’ব। ছেমছাঙে এই ডিভাইচটোৰ ভাৰতীয় মূল্য এতিয়াও ঘোষণা কৰা নাই। গেলাক্সি এছ২৫ এজ টাইটানিয়াম ছিলভাৰ, টাইটানিয়াম জেটব্লেক আৰু টাইটানিয়াম আইচিব্লু আদি ৰঙৰ বিকল্প উপলব্ধ।
 
গেলেক্সি এছ২৫ এজত ৬.৭ ইঞ্চি Quad HD+ Dynamic AMOLED 2x ডিছপ্লে আছে, যাৰ সহায়ত ১২০Hz ৰিফ্ৰেছ ৰেট (1~120Hz), ভিজিঅন বুষ্টাৰ (Vision Booster) আৰু এডাপ্টিভ ৰঙৰ টোন আছে। ফোনটোৱে গেলাক্সিৰ বাবে কাষ্টমাইজ কৰা কোৱালকম স্নেপড্ৰেগন  ৮এলিট চিপছেটৰ পৰা শক্তি আহৰণ কৰে, ১২ জিবি ৰেম আৰু ২৫৬জিবি/৫১২জিবি ষ্ট'ৰেজৰ সৈতে সংযোগ কৰা হৈছে। ইয়াক এনড্ৰ'ইড ১৫ ৰ ওপৰত ভিত্তি কৰি One UI 7 ৰ সৈতে প্ৰেৰণ কৰা হৈছে। 
 
গেলেক্সি এছ২৫ এজত উন্নত গেলেক্সি এআই বৈশিষ্ট্যসমূহ পেক কৰা হৈছে, যেনে ব্যক্তিগতকৃত দৈনিক অন্তৰ্দৃষ্টিৰ বাবে  নাউ ব্ৰিফ, মিউজিক চাৰ্চ, উন্নত কম পোহৰৰ ৰেকৰ্ডিঙৰ বাবে নাইট ভিডিঅ', শব্দ পৃথকীকৰণৰ বাবে অডিঅ' ইৰেজাৰ আৰু ড্ৰ'য়িং এছিষ্ট আদি।