জানুৱাৰীৰ পৰা তৃতীয় পক্ষৰ 'কুকীজ' নিষিদ্ধ কৰাৰ পদক্ষেপ গুগলৰ

Story by  atv | Posted by  Munni Begum • 4 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
ব্যৱহাৰকাৰীৰ গোপনীয়তা ৰক্ষা আৰু বিজ্ঞাপন কোম্পানীৰ লাভৰ বাবে অনলাইন কাৰ্যকলাপৰ অনুসৰণ প্রতিহত কৰিবলৈ গুগল ক্র'মত তৃতীয় পক্ষৰ 'কুকীজ' নিষিদ্ধ কৰাৰ পদক্ষেপ লৈছে। 
 
অহা ৪ জানুৱাৰীৰপৰা সর্ববৃহৎ প্রযুক্তি প্রতিষ্ঠানটোৱে নিজৰ ট্রেকিং প্রটেকচন বৈশিষ্ট্যৰ বাবে পৰীক্ষা আৰম্ভ কৰিব, যিটো তৃতীয় পক্ষৰ কুকীজ ৱেবছাইটত প্রৱেশ নিষিদ্ধ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। 
 
প্রথম অৱস্থাত এই বৈশিষ্ট্যটো বিশ্বব্যাপী মাত্র এক শতাংশ ক্ৰ'ম ব্যৱহাৰকাৰীৰ বাবে প্ৰয়োগ কৰা হ'ব আৰু ২০২৪ চনৰ দ্বিতীয়াৰ্দ্ধৰ ভিতৰত ইয়াৰ প্ৰয়োগ সকলো ব্যৱহাৰকাৰীলৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে। 
 
প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে নিৰ্বাচিত ব্যৱহাৰকাৰীসকলে ডেস্কটপ বা এন্ড্রইডত ক্ৰ'ম ব্রাউজাৰ খোলাৰ সময়ত জাননী লাভ কৰিব। উল্লেখ্য, গুগলে ২০২০ চনৰপৰা ক্ৰ'মত কুকীজৰ ওপৰত নিৰ্ভৰশীলতা দূৰ কৰাৰ দিশত সক্রিয়ভাৱে কাম কৰি আহিছে।