ভাৰতৰ বজাৰত মুকলি নতুন স্মার্টফোন গেলেক্সি এ-১৫ আৰু এ-২৫

Story by  atv | Posted by  Munni Begum • 4 Months ago
নতুন স্মার্টফোন গেলেক্সি এ-১৫ আৰু এ-২৫
নতুন স্মার্টফোন গেলেক্সি এ-১৫ আৰু এ-২৫
 
নতুন দিল্লী
 
দক্ষিণ কোৰিয়াৰ প্রতিষ্ঠান ছেমছাঙে ভাৰতৰ বজাৰত মুকলি কৰিছে এ ছিৰিজৰ দুটা নতুন স্মার্টফোন এ-১৫ আৰু এ-২৫। দুয়োটা স্মার্টফোনতে ছুপাৰ এমোলেড ডিছপ্লে আৰু ৫০ মেগাপিক্সেল কেমেৰা, অৱজেক্ট ইৰেজাৰ আৰু বিভিন্ন এ আই সক্ষম ফটো এডিটিং বৈশিষ্ট্য আগবঢ়োৱা হৈছে। 
 
৮ জিবি+ ২৫৬ জিবি আৰু ৮ জিবি+ ১২৮জিবিৰ প্ৰকাৰত মুকলি কৰা স্মার্টফোন দুটাৰ প্ৰাৰম্ভিক মূল্য হৈছে ক্রমে ১৯,৪৯৯ টকা আৰু ২৬,৯৯৯ টকা। 
 
ইয়াৰে গেলেক্সি এ-১৫ ৫জি স্মার্টফোনটো ক্রয়ত এছ বি আই কার্ডত ১,৫০০ টকাৰ কেশ্ববেকৰ কথা ঘোষণা কৰিছে ছেমছাঙে। একেদৰে গেলেক্সি এ-২৫ ৫জিত আগবঢ়োৱা হৈছে ৩,০০০ টকাৰ বেংক কেশ্ববেক।