নয়জ কালাৰফিট মেক্র' স্মার্ট ঘড়ী মুকলি

Story by  atv | Posted by  Munni Begum • 2 Months ago
নয়জ কালাৰফিট মেক্র' স্মার্ট ঘড়ী
নয়জ কালাৰফিট মেক্র' স্মার্ট ঘড়ী
 
নতুন দিল্লী 
 
ঘৰুৱা স্মার্ট ঘড়ী নির্মাতা প্রতিষ্ঠান নয়জে মুকলি কৰিলে কালাৰফিট মেক্ৰ' স্মার্ট ঘড়ী। ২ ইঞ্চিৰ ব্লু-টুথ কলিং সমর্থনক্ষম এই স্মার্ট ঘড়ীটোৰ বেটাৰি এবাৰ সম্পূর্ণ চার্জত ৭ দিনলৈ কার্যক্ষম হৈ থাকিব। 
 
স্মার্ট ঘড়ীটোৰ মূল্য হৈছে ১,৪৯৯ টকা। জেট ব্লেক আৰু স্পেচ ব্লুকে ধৰি সাতটা ৰঙৰ বিকল্পত মুকলি কৰা হৈছে স্মার্ট ঘড়ীটো। ছিৰি আৰু গুগল ভয়চ এছিষ্টেণ্ট সমর্থন কৰা স্মার্ট ঘড়ীটোত হৃদস্পন্দন, এছ পি অ' ২, টোপনিৰ ধৰণ আৰু চাপ নিৰীক্ষণ কৰা নয়জ হেল্থ ছুইট। 
 
আই পি ৬৭ ৰেটিঙে স্মার্ট ঘড়ীটোক দৈনন্দিন ব্যৱহাৰৰ উপযোগী কৰি তুলিছে। ই-কমার্চ প্লেটফর্ম এমাজন আৰু নয়জ ৱেবছাইটত উপলব্ধ কালাৰফিট মেক্র' স্মার্ট ঘড়ী।