ভাৰতত মুকলি ৰিয়েলমি ১২ প্র' ৫ জি স্মার্টফোন

Story by  atv | Posted by  Munni Begum • 3 Months ago
ৰিয়েলমি ১২ প্র' ৫ জি স্মার্টফোন
ৰিয়েলমি ১২ প্র' ৫ জি স্মার্টফোন
 
নতুন দিল্লী
 
অৱশেষত ৰিয়েলমিয়ে ভাৰতত মুকলি কৰিলে ইয়াৰ বহুপ্রত্যাশিত ১২ প্র' ৫ জি স্মার্টফোন ছিৰিজ। এই ছিৰিজৰ অধীনত ৮ জি বি+ ১২৮ জিবি আৰু ৮ জি বি + ২৫৬ জি বিৰ বিকল্পত ২৫,৯৯৯ টকা আৰু ২৬,৯৯৯ টকাত আগবঢ়োৱা হৈছে। 
 
ৰিয়েলমি ১২ প্র' আৰু ৮ জিবি+ ১২৮ জিবি, ৮ জিবি+ ২৫৬ জি বি, ১২ জি বি ২৫৬ জি বিত মুকলি কৰা হৈছে ৰিয়েলমি ১২ প্র'। ইয়াৰ তিনিওটা প্ৰকাৰৰ মূল্য হৈছে ক্রমে ২৯,৯৯৯ টকা, ৩১,৯৯৯ টকা আৰু ৩৩,৯৯৯ টকা।  
 
অহা ৬ ফেব্ৰুৱাৰীৰ পৰা অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে উপলব্ধ হ'ব এই স্মার্টফোন ছিৰিজ। মুকলিৰ অফাৰ হিচাপে আই চি আই চি আই বেংকৰ কার্ড ব্যৱহাৰ কৰি স্মার্টফোনটো ক্রয়ত ২,০০০ টকাৰ তাৎক্ষণিক ৰেহাই আগবঢ়াব ৰিয়েলমিয়ে।