ভাৰতত অচিৰেই আৰম্ভ হব ষ্টাৰলিংক ইণ্টাৰনেট

Story by  atv | Posted by  Munni Begum • 3 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
এল'ন মাস্ক মালিকানাধীন ষ্টাৰলিংক প্রতিষ্ঠানটোৱে দেশত অচিৰেই ডাটা কমিউনিকেচন ছার্ভিচ আৰম্ভ কৰাৰ সম্ভাৱনা আছে। এটা সূত্রই জনোৱামতে ডাটা ষ্ট'ৰেজ আৰু ট্রান্সফাৰৰ নীতিক লৈ ভাৰত চৰকাৰ ষ্টাৰলিংকৰ উত্তৰত সন্তুষ্ট হৈছে। সেয়ে প্রতিষ্ঠানটোৱে অচিৰেই সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ সম্ভাৱনা আছে। 
 
এই সন্দর্ভত এগৰাকী শীর্ষ চৰকাৰী বিষয়াই কয়, "আমি দিয়া প্রশ্নসমূহৰ ষ্টাৰলিংকে সন্তোষজনক উত্তৰ দিছে। সুৰক্ষা সম্পর্কীয় তদন্ত সম্পূর্ণ হোৱাৰ পিচত প্রতিষ্ঠানটোৱে গ্ল'বেল ম'বাইল পাৰ্ছনেল কমিউনিকেচন বাই ছেটেলাইট ছার্ভিচেছ (জি এম পি চি এছ) অনুজ্ঞাপত্র লাভ কৰিব।"
 
এই অনুজ্ঞাপত্ৰ লাভ কৰিলে ভাৰতত ষ্টাৰলিংক হ'ব এনেধৰণৰ তৃতীয়টো প্রতিষ্ঠান। ইয়াৰ পূৰ্বে ৰিলায়েন্স জিঅ' আৰু ভাৰতী এয়াৰটেলৰ সহযোগী প্রতিষ্ঠান ৱানৱেবে এই অনুজ্ঞাপত্র লাভ কৰিছিল। 
 
এই অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিচত এটা প্রতিষ্ঠানে সাধাৰণ গ্রাহকৰ লগতে বিভিন্ন প্রতিষ্ঠানলৈ ছেটেলাইটৰ জৰিয়তে ব্রডবেণ্ড, ভইচ কল আৰু মেছেজিঙৰ সুবিধা আগবঢ়াব পাৰে।