শীঘ্ৰে মুকলি হব বিশ্বৰ প্রথমটো পৰিধানযোগ্য কম্পিউটাৰ 'হিউমেন এ আই পিন'

Story by  atv | Posted by  Munni Begum • 4 Months ago
 বিশ্বৰ প্রথমটো পৰিধানযোগ্য কম্পিউটাৰ 'হিউমেন এ আই পিন'
বিশ্বৰ প্রথমটো পৰিধানযোগ্য কম্পিউটাৰ 'হিউমেন এ আই পিন'
 
নতুন দিল্লী
 
চাট জি পি টিৰ মূল প্রতিষ্ঠান অ'পেন এ আইৰ মুৰব্বী ছেম অল্টমেনৰ পৃষ্ঠপোষকতাত গঠিত এটা প্রতিষ্ঠানে বিশ্বৰ প্রথমটো পৰিধানযোগ্য কম্পিউটাৰ মুকলি কৰিব। 'হিউমেন এ আই পিন' নামৰ এই পৰিধানযোগ্য কম্পিউটাৰটোৰ প্রি-বুকিং আৰম্ভ কৰিছে উক্ত প্রতিষ্ঠানটোৱে। 
 
হিউমেন নামৰ প্রতিষ্ঠানটোৱে ছ'চিয়েল মিডিয়া প্লেটফর্ম এক্সত এনেদৰে উল্লেখ কৰিছে যে, 'আমি এই কথা ঘোষণা কৰিবলৈ পাই আনন্দিত যে ২০২৪ বৰ্ষৰ মাৰ্চৰ পৰা এ আই পিনৰ যোগান আৰম্ভ হ'ব। হিউমেন প্রতিষ্ঠানটোত আমি সকলোৱে গ্রাহকে এ আই পিন ব্যৱহাৰ কৰি কেনেধৰণৰ অভিজ্ঞতা লাভ কৰে তাৰ বাবে উৎসুকতাৰে ৰৈ আছো।' 
 
হিউমেন এ আই পিন তিনিটা সংস্কৰণ ক্রমে এক্লিপছ, লুনাৰ আৰু ইক্কিনকছত মুকলি হ'ব। ইয়াৰ মূল্য হ'ব ভাৰতীয় হিচাপত ৫৮ হেজাৰ টকাৰ পৰা ৬৬ হেজাৰ টকাৰ ভিতৰত। প্রথম পৰ্যায়ত আমেৰিকাৰ বজাৰতহে এই পৰিধানযোগ্য কম্পিউটাৰটো বিক্ৰীৰ বাবে মুকলি কৰা হ'ব।