পথিকৰ উদ্যোগত ধঁপাত বিৰোধী কাৰ্যসূচী

Story by  atv | Posted by  Munni Begum • 3 Years ago
 চাইকেল ৰেলীৰ মুকলি অনুষ্ঠান
চাইকেল ৰেলীৰ মুকলি অনুষ্ঠান
গুৱাহাটী
 
পথিকৰ উদ্যোগত ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান, কনজুমাৰ ৰাইটছ অৰগেনাইজেছন, অনুপম জীৱন, গুৱাহাটী চাইক্লিং কমিউনিটি আৰু এছ এম চি ৮৯ ৰ সহযোগত আয়োজন কৰা ধঁপাত বিৰোধী সজাগতাৰ প্ৰথম দিন হিচাবে দেওবাৰে ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা এক চাইকেল ৰেলী অনুষ্ঠিত কৰা হয়।
 
ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল কটকীয়ে উদ্বোধন কৰা এই চাইকেল ৰেলী পুৱা ৭ বজাত আৰম্ভ হয় য'ত প্ৰায় এশজন চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰিছে। এই ধঁপাত বিৰোধী সজাগতাৰ ৰেলী ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা ৰিহাবাৰী হৈ নুনমাটি ,ভি আই পি ৰোডেৰে খানাপাৰা হৈ ১৮ কিলোমিটাৰ অতিক্ৰম কৰি দিছপুৰত সমাপ্ত হয়। 
পথিকৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰে আঁত ধৰা অনুষ্ঠানটোত ডাঃ শ্ৰৱণা মিশ্ৰ ভাগৱতী, অনিৰ্বান দাস,ভূপেন্দ্ৰ নাথ দাস, ৰাজলক্ষ্মী ৰাজশ্ৰী, কুকিল দাস, অৰ্চনা টিৱাৰী, কল্যাণ বৰঠাকুৰ, ত্ৰিদিব বৰুৱা, মনোৰঞ্জন ফুকন, মনালিছা মহন্ত, পলি চেতিয়া বৰুৱা, উদয়জিৎ বুঢ়াগোহাঞি আদি উপস্থিত থাকি ধঁপাত বিৰোধী সজাগতাৰ বিভিন্ন মত পোষণ কৰে। 
এই কাৰ্যসূচীত সহযোগ কৰে জি এল পি ছছিয়েল চাৰ্কল আৰু শংকৰলাল গয়েংকাই। পথিকৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ধঁপাত বিৰোধী সজাগতাৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী হিচাবে ২৪ মে'ত অনলাইন পষ্টাৰ আৰু ৰচনা প্ৰতিযোগিতা, ২৫ আৰু ২৬ মে'ত কৰ্মশালা, তৰ্ক প্ৰতিযোগিতা, ২৯ মে'ত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ধঁপাত বিৰোধী ৱাকাথন আৰু ৩১মে' ত সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হব।