ভেঙ্কাইয়াই এই পতাকাৰ বাবে মহাত্মা গান্ধীৰ অনুমোদন বিচাৰি যোৱাত গান্ধীজীয়ে তেওঁক "ভাৰতৰ মূৰ্তপ্ৰতীক আৰু দেশৰ সকলো অমঙ্গলহাৰী" যঁতৰৰ চিত্ৰ পতাকাত যোগ কৰাৰ পৰামৰ্শ দিয়ে। মহাত্মা গান্ধীৰ প্ৰদৰ্শিত পথত হস্তচালিত যঁতৰ আছিল ভাৰতৰ অৰ্থনৈতিক পুনৰ্জাগৰণৰ প্ৰতীক। ভেঙ্কাইয়াই ৰঙা আৰু সেউজীয়া প্ৰেক্ষাপটত যঁতৰৰ ছবি সম্বলিত এখন পতাকা প্ৰস্তুত কৰে। কিন্তু গান্ধীজীয়ে ভাবিলে, এই পতাকাত ভাৰতৰ সকলো ধৰ্মসম্প্ৰদায়ৰ প্ৰতিফলন নঘটিল।
মহাত্মা গান্ধীৰ ইচ্ছানুসাৰে এখন নতুন পতাকাৰ নক্সা তৈয়াৰ কৰা হয়। এই ত্ৰিবৰ্ণৰঞ্জিত পতাকাৰ ওপৰত আছিল বগা, মাজত সেউজীয়া আৰু তলত নীলা; যিবিলাক যথাক্ৰমে সংখ্যালঘু ধৰ্মসম্প্ৰদায়, মুছলমান আৰু হিন্দুৰ প্ৰতীক। তিনিটি ভাগ জুৰি অঁকা আছিল যঁতৰৰ ছবি। আনুভূমিক ত্ৰিৰঙ্গ ভাগ সম্বলিত এই পতাকা আয়াৰলেণ্ডৰ জাতীয় পতাকাৰ সমৰূপ আছিল।
ভাৰতীয় জাতীয় কংগ্ৰেছে কোনোদিনে এইখনক চৰকাৰী পতাকা হিচাপে গ্ৰহণ নকৰিলে। স্বাধীনতা আন্দোলনত ইয়াৰ ব্যাপক প্ৰয়োগো দেখা নগ’ল।পতাকাৰ এই সাম্প্ৰদায়িক প্ৰতিনিধিত্বৰ বিষয়টোৱে অনেকৰ মনত অসন্তোষৰ সৃষ্টি কৰে। ১৯২৪ চনত কলকাতাত সৰ্বভাৰতীয় সংস্কৃত কংগ্ৰেছে হিন্দুধৰ্মৰ প্ৰতীকৰূপে গেৰুৱা ৰং আৰু বিষ্ণুৰ গদাৰ চিত্ৰ পতাকাত সংযোজনৰ প্ৰস্তাৱ দিয়ে।
এই বছৰেই "হিন্দু যোগী আৰু সন্ন্যাসী আৰু মুছলমান ফকীৰ আৰু দৰবেশসকলৰ মাজত প্ৰচলিত ত্যাগৰ প্ৰতীক" গেৰু বা গিৰিমাটি ৰং পতাকাত যোগ কৰাৰ প্ৰস্তাৱ দিয়া হয়। শিখসকলে দাবী তোলে, হয় তেওঁলোকৰ প্ৰতিনিধিৰূপে হালধীয়া ৰং পতাকাত থাকিব লাগিব, নহয় পতাকাৰ পৰা ধৰ্মীয় প্ৰতীকতত্ত্ব বাদ দিব লাগিব।
এই সকলো দাবীৰ প্ৰেক্ষাপটত সমস্যা সমাধানৰ লক্ষৰে ১৯৩১ চনৰ ২ এপ্ৰিলত কংগ্ৰেছ কৰ্মসমিতিয়ে সাতজনীয়া এখন পতাকা সমিতি গঠন কৰে। "পতাকাত ব্যৱহৃত তিনিটি ৰঙক লৈ আপত্তি আছে; কাৰণ এই ৰংসমূহ সাম্প্ৰদায়িক ভিত্তিত চিহ্নিত" – এই মৰ্মে এটি প্ৰস্তাৱ গৃহীত হয়। কিন্তু এই সকলো অপ্ৰাতিষ্ঠিনিক আলাপ-আলোচনাৰ ফল হয় অভাবনীয়।
পতাকাত একমাত্ৰ ৰং হালধীয়াৰ সলনি কমলা ৰখা হয় আৰু ওপৰৰ দণ্ডৰ ফালে যঁতৰৰ চিত্ৰ অঁকা হয়। পতাকা সমিতিয়ে এই পতাকাৰ প্ৰস্তাৱ ৰাখিলেও, সমগ্ৰ প্ৰকল্পত সাম্প্ৰদায়িক ভাবধাৰাৰ প্ৰতিফলন ঘটিছে বুলি মন কৰি, কংগ্ৰেছে এই পতাকা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে।
পাছত ১৯৩১ চনৰ কৰাচী কংগ্ৰেছ অধিবেশনত পতাকা সংক্ৰান্ত সৰ্বশেষ প্ৰস্তাৱটো গৃহীত হয়। পিঙ্গলি ভেংকয়া অঙ্কিত এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা গৃহীত হয়। এই পতাকাত আনুভূমিক গেৰুৱা, বগা আৰু সেউজীয়াৰ সোঁমাজত এটা যঁতৰ অঁকা আছিল। গেৰুৱা ত্যাগ; বগা সত্য আৰু শান্তি আৰু সেউজীয়া বিশ্বাস আৰু প্ৰগতিৰ প্ৰতীক তথা যঁতৰ ভাৰতৰ অৰ্থনৈতিক পুনৰুজ্জীৱন আৰু দেশবাসীৰ শ্ৰমশীলতাৰ প্ৰতীক হিচাপে গৃহীত হয়।
একেই সময়ত আজাদ হিন্দ ফৌজ ব্যৱহৃত পতাকাত "Azad Hind" (আজাদ হিন্দ) কথাষাৰ আৰু যঁতৰৰ পৰিবৰ্তে এটা জঁপিয়াই থকা বাঘৰ ছবি যোগ কৰা হয়। এইটো আছিল মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ প্ৰতি অনাস্থাৰে সুভাষচন্দ্ৰ বসুৰ সশস্ত্ৰ সংগ্ৰামৰ প্ৰতীক। মণিপুৰত প্ৰথমবাৰ সুভাষচন্দ্ৰই এই পতাকা উত্তোলন কৰে।
স্বাধীনতা প্ৰাপ্তিৰ কিছুদিন পূৰ্বে ভাৰতৰ জাতীয় পতাকাৰ বিষয়ে সিদ্ধান্তত উপনীত হোৱাৰ বাবে গণপৰিষদ স্থাপিত হয়। গণপৰিষদে ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এক বিশেষ কমিটি গঠন কৰে। এই কমিটিৰ সদস্যসকল আছিল মৌলানা আবুল কালাম আজাদ, সৰোজিনী নাইডু, চক্ৰবৰ্তী ৰাজাগোপালাচাৰী, কে এম মুন্সী আৰু বি আৰ আম্বেডকাৰ। পতাকা কমিটি স্থাপিত হয় ১৯৪৭ চনৰ ২৩ জুনত। এই কমিটিয়ে পতাকাক লৈ আলোচনা আৰম্ভ কৰে।
তিনি সপ্তাহৰ পাছত ১৯৪৭ চনৰ ১৪ জুলাইত তেওঁলোক এই সিদ্ধান্তত উপনীত হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন উপযুক্ত সংস্কাৰৰ পাছত সকলো দল আৰু সম্প্ৰদায়ৰ কাষতেই গ্ৰহণীয় কৰি তুলি জাতীয় পতাকা হিচাপে গৃহীত হ’ব। পাছত এই প্ৰস্তাৱো গৃহীত হয় যে ভাৰতৰ জাতীয় পতাকাত কোনো সাম্প্ৰদায়িক গুৰুত্ব থাকিব নোৱাৰিব। যঁতৰৰ পৰিৱৰ্তে সাৰনাথ স্তম্ভৰ পৰা ধৰ্মচক্ৰ-টো গৃহীত হয় পতাকাত। ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতত প্ৰথমবাৰ এই পতাকা উত্তোলিত হয়।