ঈদৰ দিনটোত ইছলাম ধৰ্মাৱলম্বীলোকৰ সৈতে হাৰিয়ানা চহৰ উন্নয়ন কৰ্তৃপক্ষৰ ডিটিপি (এনফ'ৰ্চমেণ্ট) তথা নোডেল বিষয়া আৰ এছ বাথ
মালিক আছগৰ হাচমী / গুৰুগ্ৰাম (হাৰিয়ানা)
হাৰিয়ানাৰ 'মিলেনিয়াম চিটি' গুৰুগ্ৰাম। আকাশলংঘী অট্টালিকা, ব্যস্ত কৰ্প'ৰেট সংস্কৃতি আৰু চকমকীয়া লাইফষ্টাইলৰ বাবে এই চহৰখন সকলোৰে পৰিচিত। কিন্তু এই ব্যস্ততাৰ মাজতে মাজে-সময়ে শুকুৰবৰীয়া জুম্মাৰ নামাজক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবেও চহৰখনে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ শিৰোনাম দখল কৰে। অৱশ্যে এইবাৰ গুৰুগ্ৰাম চৰ্চালৈ আহিছে এক সম্পূৰ্ণ ভিন্ন আৰু ইতিবাচক কাৰণত। এইবাৰ চহৰখনৰ প্ৰতি মানুহৰ দৃষ্টি নিবদ্ধ হৈছে কোনো পুৰণি বিতৰ্ক বা সাম্প্ৰদায়িক উত্তেজনাৰ বাবে নহয়, বৰং পাৰস্পৰিক সমন্বয়, পৰিচ্ছন্নতা আৰু জনসাধাৰণৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণৰ এক সুন্দৰ নিদৰ্শনৰ বাবেহে। আগন্তুক বকৰীদ আৰু প্ৰতি শুকুৰবাৰে হোৱা জুম্মাৰ নামাজ যাতে কোনো বাধা বা বিতৰ্কৰ অবিহনে সুকলমে সম্পন্ন হয়, তাৰ বাবে প্ৰশাসন আৰু সাধাৰণ ৰাইজে মিলি এক অনন্য আদৰ্শ দাঙি ধৰিছে। এই ইতিবাচক পৰিৱৰ্তনৰ আঁৰত আছে হাৰিয়ানা চহৰ উন্নয়ন কৰ্তৃপক্ষৰ ডিটিপি (এনফ'ৰ্চমেণ্ট) তথা নোডেল বিষয়া আৰ এছ বাথৰ এক অৰ্থপূৰ্ণ প্ৰয়াস।
মছজিদৰ অভাৱ আৰু মুকলি পথাৰৰ বিকল্প
জনসংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে গুৰুগ্ৰামত মুছলমান সম্প্ৰদায়ৰ লোকৰ সংখ্যা যথেষ্ট যদিও, সেই অনুপাতে চহৰখনৰ ভিতৰত পৰ্যাপ্ত মছজিদৰ অভাৱ দেখা যায়। ইয়াৰ ফলশ্ৰুতিতেই কৰ্প'ৰেট খণ্ড আৰু আন ক্ষেত্ৰত কৰ্মৰত হাজাৰ হাজাৰ লোকে বাধ্য হৈ পথৰ দাঁতিত, পদপথত বা ৰাজহুৱা পাৰ্কত জুম্মাৰ নামাজ পঢ়িবলগীয়া হৈছিল। পথৰ দাঁতিত নামাজ পঢ়াৰ ফলত চহৰখনত প্ৰায়ে যান-জঁট আৰু আন স্থানীয় সমস্যাৰ সৃষ্টি হৈছিল।
ঈদৰ দিনটোত ইছলাম ধৰ্মাৱলম্বীলোকৰ সৈতে হাৰিয়ানা চহৰ উন্নয়ন কৰ্তৃপক্ষৰ ডিটিপি (এনফ'ৰ্চমেণ্ট) তথা নোডেল বিষয়া আৰ এছ বাথ
এই প্ৰশাসনিক আৰু সামাজিক অসুবিধাসমূহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় পাঁচ-ছয় বছৰ পূৰ্বে ৰাজ্য চৰকাৰে মুকলি স্থানত এনেদৰে নামাজ পঢ়াত নিষেধাজ্ঞা আৰোপ কৰিছিল। অৱশ্যে চৰকাৰ আৰু প্ৰশাসনে ইয়াৰ এটা ব্যৱহাৰিক বিকল্পও উলিয়াইছিল। কৰ্প'ৰেট কৰ্মচাৰী আৰু সাধাৰণ নামাজীসকলৰ যাতে কোনো অসুবিধা নহয়, তাৰ বাবে ছেক্টৰ ২৯-ৰ হুডা চিটি চেণ্টাৰ মেট্ৰ' ষ্টেচনৰ (বৰ্তমান মিলেনিয়াম চিটি চেণ্টাৰ) ঠিক পিছফালে থকা প্ৰায় ৪০ একৰৰ এখন ডাঙৰ চৰকাৰী খেলপথাৰৰ একাংশ নামাজৰ বাবে সংৰক্ষিত কৰা হৈছিল। তেতিয়াৰে পৰা প্ৰতিটো ঈদ, বকৰীদ আৰু জুম্মাৰ নামাজ ইয়াতেই শান্তিপূৰ্ণভাৱে পঢ়ি অহা হৈছে।
আৱৰ্জনাৰ সমস্যা আৰু প্ৰশাসনৰ সঁহাৰি
সময় যোৱাৰ লগে লগে এই খেলপথাৰখনৰ চোৱা-চিতাৰ অভাৱ পৰিলক্ষিত হ'ল। নামাজৰ সময়ত হোৱা প্ৰবল ভিৰৰ বাবে তাত প্ৰচণ্ড আৱৰ্জনা জমা হ'বলৈ ধৰিলে। খেলপথাৰখনৰ তদাৰক আৰু চাফাই ব্যৱস্থা বিকল হোৱাৰ ফলত তাত জাবৰৰ দ'ম বান্ধিছিল। এনে পৰিস্থিতিত তালৈ অহা একাংশ সচেতন মুছলমান লোকে নিজেই আগবাঢ়ি আহি এক পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লয়। তেওঁলোকে পোনে পোনে HSVP-ৰ ডিটিপি (এনফ'ৰ্চমেণ্ট) বিভাগৰ সৈতে যোগাযোগ কৰে আৰু খেলপথাৰখন পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰী সহায় বিচাৰে।
ৰাইজৰ এই ইতিবাচক চিন্তাধাৰাক ডিটিপি এনফ'ৰ্চমেণ্ট বিভাগেও মুকলি মনেৰে আদৰণি জনায়। নোডেল বিষয়া আৰ এছ বাথে লগে লগে এই অনুৰোধ ৰক্ষা কৰে আৰু তেওঁৰ দলটোক চাফাই অভিযানত সহযোগ কৰিবলৈ নিৰ্দেশ দিয়ে। এই সমগ্ৰ অভিযানটো বাস্তৱায়িত কৰা আৰু নামাজী তথা চৰকাৰী লোকৰ মাজত সমন্বয় গঢ়ি তোলাৰ দায়িত্ব গ্ৰহণ কৰে বিভাগটোৰ আন এজন কৰ্মঠ বিষয়া ৰাম আৰ্যই।
চাফাই অভিযানত নিজেই অংশগ্ৰহণ কৰা মুহূৰ্তত এছ বাথ
"চহৰখন পৰিষ্কাৰ কৰি ৰখাটো প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব"
এই সমগ্ৰ বিষয়টো সন্দৰ্ভত 'আৱাজ - দ্য ভইচ'ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত ডিটিপি আৰু নোডেল বিষয়া আৰ এছ বাথে নিজৰ মত প্ৰকাশ কৰে। তেওঁ কয়, "গুৰুগ্ৰামৰ দৰে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চহৰ পৰিষ্কাৰ আৰু বেদখলমুক্ত কৰি ৰখাটো কেৱল প্ৰশাসনৰেই কাম নহয়, ই প্ৰতিগৰাকী নাগৰিকৰো নৈতিক দায়িত্ব। যেতিয়া ৰাইজে নিজেই চহৰখনৰ স্বাৰ্থত আগবাঢ়ি আহে, তেতিয়া আমাৰ বিভাগে এনে প্ৰয়াসক উৎসাহিত কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে।"
আৰ এছ বাথে জনায় যে যেতিয়া ছেক্টৰ ২৯-ৰ হুডা গ্ৰাউণ্ডত চাফাই অভিযানৰ পৰিকল্পনা কৰা হৈছিল, তেতিয়া তেওঁ নিজকে কেৱল কাৰ্যালয়তে আৱদ্ধ কৰি ৰাখিব নোৱাৰিলে। তেওঁ নিজেই গ্ৰাউণ্ড জিৰ'ত উপস্থিত হৈ বিষয়া আৰু নামাজীসকলৰ সৈতে কান্ধত কান্ধ মিলাই নিজহাতে আৱৰ্জনা পৰিষ্কাৰ কৰে। তেওঁ কয় যে এজন দায়িত্বশীল বিষয়াই যেতিয়া এনেদৰে নিজেই কামত নামি পৰে, তেতিয়া প্ৰশাসনৰ ওপৰত ৰাইজৰ বিশ্বাস অধিক সুদৃঢ় হয়।
ঈদৰ নামাজৰ সময়ত সকলোৱে একত্ৰিত হোৱা দৃশ্য
বেদখলকাৰী আৰু পদপথৰ ব্যৱসায়ীলৈ কঠোৰ সকিয়নি
খেলপথাৰখনৰ বাস্তৱ অৱস্থাৰ বিষয়ে উল্লেখ কৰি আৰ এছ বাথে কয় যে শুকুৰবাৰৰ জুম্মা বা ঈদৰ সময়ত ইয়াত হাজাৰ হাজাৰ লোকৰ সমাগম হয়। এই ভিৰৰ সুযোগ লৈ খেলপথাৰৰ চৌপাশে বিৰিয়ানি, চাহ-জলপান আৰু অন্যান্য খাদ্য সামগ্ৰীৰ দোকান বহে। লাহে লাহে এই লোকসকলে খেলপথাৰখনৰ চুকবোৰ স্থায়ীভাৱে বেদখল কৰিবলৈ চেষ্টা কৰে আৰু আৱৰ্জনাবোৰো তাতেই পেলায়।
চাফাই অভিযানৰ সময়ত প্ৰশাসনে এনে সকলো ঠেলাচালক আৰু দোকানীসকলক কঠোৰ সকিয়নি প্ৰদান কৰে। ধৰ্মীয় অনুষ্ঠানৰ অচিলা লৈ চৰকাৰী মাটিত যাতে কোনো ধৰণৰ অবৈধ বেদখল নহয়, সেই বিষয়ে তেওঁলোকক বুজাই দিয়া হয়। লগতে নামাজ শেষ হোৱাৰ লগে লগে তাত পৰি থকা ডিচপ'জেবল সামগ্ৰী আৰু আৱৰ্জনা ডাষ্টবিনত পেলাবলৈ নিৰ্দেশ দিয়া হয়। বাথে লগতে স্পষ্ট কৰি দিয়ে যে চহৰখনৰ আন আন ধৰ্মীয় স্থান, যেনে- মন্দিৰ আৰু গুৰুদ্বাৰৰ চৌপাশৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো প্ৰশাসন সমানেই কঠোৰ। মন্দিৰৰ ওচৰত যাতে অবৈধভাৱে মাংসৰ দোকান চলিব নোৱাৰে, তাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু নিয়ম ভংগকাৰীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে এছ বাথ
'বুলড'জাৰ মেন'ৰ নতুন ৰূপত আপ্লুত ছ'চিয়েল মিডিয়া
গুৰুগ্ৰামৰ প্ৰশাসনিক মহল আৰু সাধাৰণ ৰাইজৰ মাজত আৰ এছ বাথক 'বুলড'জাৰ মেন' নামেৰে জনা যায়। চহৰখনৰ যিকোনো স্থানত অবৈধ নিৰ্মাণ বা চৰকাৰী মাটি বেদখলৰ অভিযোগ পালেই তেওঁ নিজৰ বুলড'জাৰ লৈ তাত উপস্থিত হয়গৈ। প্ৰতিদিনে চহৰখনৰ বিভিন্ন প্ৰান্তৰ পৰা বেদখল উচ্ছেদ কৰাটো তেওঁৰ দৈনন্দিন কামৰ অংশ।
সেয়েহে, যেতিয়া তেওঁৰ এই 'ইতিবাচক' আৰু 'সহযোগিতামূলক' ৰূপটো পোহৰলৈ আহিল, তেতিয়া চহৰবাসী আচৰিত হোৱাৰ লগতে আনন্দিতও হ'ল। আৰ এছ বাথে তেওঁৰ চৰকাৰী ছ'চিয়েল মিডিয়া হেণ্ডেলত এই চাফাই অভিযানৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে, যাৰ পিছতে ইণ্টাৰনেটত মন্তব্যৰ সোঁত বয়। ভিডিঅ'টোৰ সৈতে তেওঁ লিখিছেঃ
"মুছলমান সমাজে ছেক্টৰ ২৯-ত প্ৰতি শুকুৰবাৰে নামাজৰ পিছত এখন বৃহৎ খেলপথাৰ পৰিষ্কাৰ কৰাৰ দায়িত্ব লৈছে আৰু HSVP বিভাগৰ সহযোগিতাও বিচাৰিছে। JE ৰামপাল জীয়ে সমন্বয় ৰক্ষা কৰিছে আৰু এনে প্ৰয়াসক উৎসাহিত কৰিবলৈ ময়ো উপস্থিত হৈছোঁ।
চাফাই অভিযানৰ দৃশ্য
ইয়াৰ লগতে হাজাৰ হাজাৰ লোকে এয়াও কয় যে বেদখল কৰিব নালাগে। গুৰুগ্ৰাম এনে এক অনন্য নিদৰ্শন য'ত জনসাধাৰণৰ অংশগ্ৰহণ আৰু মত বিনিময়ৰ লগতে বলৱৎকৰণ এক আদৰ্শ হৈ পৰিছে। নিজৰ চহৰখনক আঁকোৱালি লওক আৰু ইয়াক ধুনীয়া কৰি তোলক।
ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰ ঢল
এই ভিডিঅ'টো প'ষ্ট হোৱাৰ লগে লগে ডিজিটেল প্লেটফৰ্মসমূহত ব্যাপক যোগাত্মক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। বিষয়াগৰাকীৰ কৰ্মপদ্ধতি আৰু এই সাম্প্ৰদায়িক সম্প্ৰীতিৰ মানুহে ভূয়সী প্ৰশংসা কৰিছে।
শ্বেতা সিং নামৰ এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, "ছাৰ, আপোনাৰ কাম কৰাৰ ধৰণ মোৰ বহুত ভাল লাগে। আপুনি সদায় গুৰুগ্ৰামতেই থাকিব।" আনহাতে, দেশ সলনি কৰাৰ কথা কোৱাৰ সময়ত ৱাকাৰ নামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "নিশ্চয়কৈ, দেশ সলনি কৰিবলৈ হ'লে নিজক সলনি কৰিব লাগিব, পৰিচ্ছন্নতাৰ প্ৰতি ধ্যান দিব লাগিব।" মহম্মদ ছাকিবে মন্তব্য কৰিছে, "আজি এটা চেল্যুট প্ৰাপ্য ছাৰ।"
আনহাতে, ছাহিৰে তেওঁক এজন 'সৎ বিষয়া' বুলি অভিহিত কৰে। অৱশ্যে কিছুমান লোকে চহৰখনৰ আন আন সমস্যাৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰিছে। আদিল নামৰ এজন ব্যৱহাৰকাৰীয়ে সামাজিক প্ৰশ্ন এটা উত্থাপন কৰি লিখিছে, "দৰিদ্ৰ লোকসকলেই কিয় ব্যৱস্থাটো নষ্ট কৰে?" আকৌ আন একাংশই দিল্লীৰ স্বৰূপ নগৰ আৰু গুৰুগ্ৰামৰ ছেক্টৰ ৪৩-ৰ ব্যৱসায়িক কেন্দ্ৰত ব্যৱসায়ীসকলে কৰা অবৈধ বেদখল উচ্ছেদৰো দাবী জনায়।
নিশ্চিতভাৱে গুৰুগ্ৰামৰ এই ব্যতিক্ৰমী প্ৰয়াস সমগ্ৰ দেশৰ আন আন চহৰসমূহৰ বাবে এক নিদৰ্শন। সমাজত শৃংখলা বজাই ৰাখিবলৈ কঠোৰ আইন আৰু প্ৰশাসনৰ প্ৰয়োজন নিশ্চয়কৈ আছে, কিন্তু যেতিয়া প্ৰশাসনে ৰাইজক বিশ্বাসত লয় আৰু পাৰস্পৰিক বুজাবুজিৰে আগবাঢ়ে, তেতিয়া সমাজৰ যিকোনো জটিল সমস্যা বা বিতৰ্কও নিমিষতে সম্প্ৰীতি আৰু পৰিচ্ছন্নতাৰ এক সুন্দৰ উৎসৱলৈ ৰূপান্তৰিত হ'ব পাৰে। উচ্ছেদৰ 'বুলড'জাৰ'ৰ সলনি চাফাইৰ 'ঝাড়ু' হাতত তুলি লোৱা এই ঘটনাই প্ৰমাণ কৰি দিলে যে সদিচ্ছা আৰু জনসাধাৰণৰ সহযোগিতা থাকিলে বিভেদৰ প্ৰাচীৰ ভাঙি এখন সুন্দৰ, পৰিষ্কাৰ আৰু শান্তিপূৰ্ণ সমাজ গঢ়ি তোলাটো সঁচাকৈয়ে সম্ভৱ।