বানপানীয়ে কঢ়িয়াই অনা অভিশাপক আশীৰ্বাদলৈ ৰূপান্তৰিত কৰা অসমৰ এখন গাঁও

Story by  Ariful Islam | Posted by  Munni Begum • 18 h ago
মাদৈকাটা গাঁৱৰ কুঁহিয়াৰৰ খেতি
মাদৈকাটা গাঁৱৰ কুঁহিয়াৰৰ খেতি
 
আৰিফুল ইছলাম/গুৱাহাটী
 
কৃষি বিপ্লৱৰ উৎকৃষ্ট উদাহৰণ হৈ পৰিছে অসমৰ এখন বিশেষ গাঁও। বানপানীয়ে কঢ়িয়াই অনা অভিশাপক আশীৰ্বাদলৈ ৰূপান্তৰ কৰিছে এই গাঁওৰ বাসিন্দাসকলে। বছৰে বছৰে হোৱা বানপানীয়ে বন্ধ কৰি দিছিল গাঁওবাসীৰ কৰ্মসংস্থাপন। কিন্তু বহু প্ৰত্যাহ্বানৰ মাজতো গাঁওখনৰ কৰ্মোদ্যোগী কৃষকসকলৰ প্ৰচেষ্টাত কৃষিৰ জৰিয়তে পুনৰ ঠন ধৰি উঠিছে এই গাঁওখন। 
 
কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়াৰ সীমান্তৱৰ্তী বাক্সা জিলাৰ মাদৈকাটা গাঁৱে বিগত ২৫ বছৰ ধৰি নীৰৱে কৃষি বিপ্লৱৰ নিদৰ্শন দেখুৱাই আহিছে। এই গাঁৱৰ কৃষকসকলে ধানখেতিৰ পৰিৱৰ্তে কুঁহিয়াৰৰ খেতিৰ জৰিয়তে নতুন ৰূপত জীৱন-জীৱিকাৰ পথ মুকলি কৰিছে। ইয়াৰ ফলত গাঁওখনে কেৱল অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাই নহয়, অসমৰ কৃষি ক্ষেত্ৰতো এক নতুন দিশৰ সূচনা কৰিছে। 
 
 
মাদৈকাটা গাঁৱৰ পিছফালেৰে বৈ গৈছে পুঠিমাৰী নদী। বাৰিষা মথাউৰি ছিঙাৰ লগে লগে নদীৰ প্ৰচণ্ড সোঁতে প্ৰথম খুন্দা মাৰে এই মাদৈকাটা গাঁৱত। ২০০০ চনত অহা এক ডাঙৰ বানে মাদৈকাটা গাঁৱৰ কৃষি পথাৰসমূহৰ বিস্তৰ ক্ষতিসাধন কৰিছিল। বানৰ সৈতে অহা বালিৰ তৰপে খেতিৰ বাবে উপযোগী খাৰুৱা মাটি নষ্ট কৰি ধানখেতিৰ বাবে অনুপযোগী কৰি তুলিছিল। পৰৱৰ্তী বছৰবোৰতো একেৰাহে হোৱা ২-৩ টা বানপানীৰ প্ৰকোপত পথাৰসমূহৰ ঠায়ে ঠায়ে তিনিৰ পৰা আঠ ফুট পৰ্যন্ত বালিৰ তৰপ জমা হৈছিল।
 
সোণোৱালী শইচেৰে ভৰি থকা পথাৰসমূহ বালিয়ে পুতি পেলোৱাত গাঁৱৰ কৃষকসকলৰ জীৱন আৰু জীৱিকালৈ সংকট নামি আহিছিল। কিন্তু এই প্ৰত্যাহ্বানৰ মাজতেই গাঁৱৰ কেইজনমান যুৱকে হাৰ নামানি বিকল্প খেতিৰ সন্ধান কৰে। তেওঁলোকে পৰীক্ষামূলকভাৱে কেইবিঘামান মাটিত কুঁহিয়াৰৰ খেতি আৰম্ভ কৰে। প্ৰথম প্ৰচেষ্টাতে কুঁহিয়াৰৰ উৎপাদনে উৎসাহজনক ফল দিয়াত গাঁৱৰ অন্য কৃষকসকলেও ধানৰ পৰিৱৰ্তে কুঁহিয়াৰৰ খেতিৰ প্ৰতি আগ্ৰহী হৈ পৰে। বৰ্তমান গাঁওখনৰ অধিকাংশ খেতিয়কে কুঁহিয়াৰৰ খেতিয়ে কৰে। এনে প্ৰত্যাহ্বানৰ মাজেৰে আৰম্ভ হোৱা কুঁহিয়াৰ খেতিৰ বিপ্লৱে বৰ্তমান মাদৈকাটা গাঁৱৰ দৃশ্যপট সম্পূৰ্ণৰূপে সলনি কৰিছে। বৰ্তমান অঞ্চলটোৰ প্ৰায় ১ooo ৰো অধিক কৃষকে হাজাৰ হাজাৰ বিঘা মাটিত কুঁহিয়াৰৰ খেতি কৰি নিজৰ জীৱিকা চলাই আছে।
 
যুৱ সমাজকৰ্মী আজিজুল হক
 
স্থানীয় যুৱ সমাজকৰ্মী তথা কৃষক আজিজুল হকে কয়, “বানপানীয়ে পথাৰসমূহ বালিৰে পুতি পেলোৱাৰ আগত আমাৰ ইয়াৰ কৃষকসকলে ধান খেতিয়ে কৰিছিল। এতিয়া কুঁহিয়াৰ খেতিত আমাৰ কৃষকসকলে যথেষ্ট লাভম্বিত হৈছে। কুঁহিয়াৰ খেতিৰ এটা বিশেষত্ব হৈছে যে, প্ৰথম বছৰবোৰত কুঁহিয়াৰ খেতিৰ বাবে অলপ কষ্ট কৰিবলগীয়া হয়। কাৰণ, নতুনকৈ কুঁহিয়াৰ ৰোপন কৰিব লাগে। কিন্তু পিছৰ বছৰবোৰত প্ৰথমে ৰোৱা কুঁহিয়াৰৰ পৰাই উৎপাদন অব্যাহত থাকে। কেৱল পথাৰৰ জংঘল আৰু বনসমূহ চাফ-চিকুণ কৰিলেই হয়। এই প্ৰক্ৰিয়াৰ বাবেই অন্য শস্যৰ তুলনাত কুঁহিয়াৰ খেতিৰ খৰছ কম আৰু কম কষ্টতেই হৈ যায়।”
 
উল্লেখ্য যে, ৰাজ্যত কুঁহিয়াৰৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। কুঁহিয়াৰ ৰপ্তানিৰ কথা উল্লেখ কৰি গাঁওখনৰে কৃষক নজৰুল ইছলামে কয়, “আমাৰ কুঁহিয়াৰ ৰঙিয়া, চাংসাৰী, গুৱাহাটী, নলবাৰী, গোৰেশ্বৰ, নাগ্ৰীজুলী, মঙ্গলদৈ আদিৰ লগতে চুবুৰীয়া দেশ ভূটানলৈও ৰপ্তানি হয়। অসমৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীৰ লগতে ভূটানৰ ব্যৱসায়ীসকলেও আমাৰ পথাৰৰ পৰা কুঁহিয়াৰ ক্ৰয় কৰে।”
 
"কুঁহিয়াৰৰ খেতি আমি চ'ত মাহৰ পৰাই আৰম্ভ কৰোঁ। যদি চ'ত মাহত বৰষুণ নহয়, তেন্তে বহাগ মাহৰ পৰাই আৰম্ভ কৰোঁ। আৰম্ভণিতে আমি কুঁহিয়াৰ গছৰ আগসমূহ ৰুই দিওঁ। দুদিনমান পিছত যেতিয়া গঁজালি মেলে, তেতিয়া আমি অলপ অলপ মাটি জাপি দি আমাৰ ঘৰুৱা সাৰ প্ৰয়োগ কৰোঁ। তাৰপিছত বৰ বিশেষ কাম নাথাকে মাজে মাজে আমি চাফ-চিকুণ কৰোঁ। কাতি মাহৰ পৰা আমি কুঁহিয়াৰসমূহ কাটিব পাৰো", নজৰুল ইছলামে কয়। 
 
কুঁহিয়াৰৰ খেতিত সাৰ প্ৰয়োগ কৰি থকা মুহূৰ্তত এগৰাকী কৃষক 
 
গাঁওখনৰ ওচৰৰ অঞ্চলসমূহৰ হিন্দু গাঁওসমূহত বিভিন্ন অনুষ্ঠানৰত প্ৰয়োজন হোৱা কুঁহিয়াৰৰ বাবে এই কৃষকসকলৰ ওপৰতে নিৰ্ভৰশীল। হিন্দু লোকসকলৰ বিভিন্ন পূজা বা বিভিন্ন ধৰ্মীয় অনুষ্ঠানত প্ৰয়োজন হোৱা কুঁহিয়াৰ এই কৃষকসকলৰ পৰাই ক্ৰয় কৰে বুলি নজৰুল ইছলামে কয়। "চৰ অঞ্চলত যিবোৰ কুঁহিয়াৰ উৎপাদন হয়, সেইসমূহ কুঁহিয়াৰ আৰু আমাৰ ইয়াৰ কুঁহিয়াৰৰ মাজত ৰং আৰু সোৱাদৰ যথেষ্ট পার্থক্য আছে। আমাৰ ইয়াৰে কুঁহিয়াৰবোৰ বেছি মিঠা আৰু সোৱাদযুক্ত। আমি নিজেই কুঁহিয়াৰ খেতি কৰাৰ আগতে ধানখেতি কৰিছিলোঁ। বৰ্তমান কিন্তু আমি কুঁহিয়াৰ খেতি কৰি অধিক লাভান্বিত হৈছো। কুঁহিয়াৰত কষ্ট কম আৰু লাভ বেছি।", নজৰুল ইছলামে কয়।
 
মাদৈকতা গাঁৱৰ কৃষকসকলৰ মতে, বৰ্তমান প্ৰতিবিঘা মাটিত প্ৰায় ১ লাখ টকা উপাৰ্জন সম্ভৱ হৈছে। এই অৰ্থনৈতিক সফলতাই গাঁৱৰ কৃষকসকলক বছৰে বছৰে কুঁহিয়াৰ খেতিৰ পৰিসৰ বৃদ্ধি কৰিবলৈ উৎসাহিত কৰিছে। মাদৈকাটা গাঁৱৰ কৃষকসকলৰ এই সফলতাৰ আঁৰত আছে তেওঁলোকৰ অদম্য ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই কৃষি বিপ্লৱ অঞ্চলটোৰ কৃষকসকলে সম্পূৰ্ণৰূপে নিজস্ব চেষ্টা আৰু উদ্যোগত গঢ়ি তুলিছে।
 
কিন্তু পৰিতাপৰ কথা যে ইমান বৃহৎ পৰিসৰত কুঁহিয়াৰ খেতি কৰাৰ উপৰি ইয়াত কেইবাটাও পৰিয়াল জড়িত হৈ থকাৰ পিছতো তেওঁলোকে আৰম্ভণিৰে পৰা আজি পৰ্যন্ত কৃষি বা জলসিঞ্চন বিভাগৰ কোনো চৰকাৰী আঁচনি বা সা-সুবিধা লাভ কৰা নাই। তথাপিও নিজৰ পৰিশ্ৰম আৰু সৃজনশীলতাৰ বলত এই কৃষকসকলে স্বাৱলম্বী হৈ নিজৰ পৰিয়ালৰ ভৰণ-পোষণৰ লগতে অঞ্চলটোত এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে।
 
খেতিয়ক নজৰুল হক
 
মাদৈকাটা গাঁৱৰ এই কৃষি বিপ্লৱ কেৱল স্থানীয় কৃষকসকলৰ বাবেই নহয়, সমগ্ৰ অসমৰ কৃষকসকলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস স্বৰূপ। বানৰ ধ্বংসলীলাৰ পৰা উভতি আহি নিজৰ জীৱিকা পুনৰ গঢ়ি তোলা এই গাঁৱৰ কাহিনীয়ে প্ৰমাণ কৰে যে প্ৰত্যাহ্বানৰ মাজতো সঠিক দিশ আৰু পৰিশ্ৰমৰ দ্বাৰা মানুহে সফলতা অৰ্জন কৰাটো সম্ভৱ।
 
বৰ্তমান এই অঞ্চলৰ কুঁহিয়াৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভূটানৰ বজাৰতো জনপ্ৰিয় হৈ উঠিছে, যিয়ে কৃষকসকলক অধিক লাভ দিছে। মাদৈকাটা গাঁৱৰ কুঁহিয়াৰ খেতিৰ এই বিপ্লৱ কৃষিৰ ক্ষেত্ৰত এক নিদৰ্শন হৈ পৰিছে।