ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিৰ বাবে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
ৰাজ্যত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা। ডেংগুত আক্ৰান্ত হৈ দেওবাৰে ডিফু মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে মুঠ ৩৮ গৰাকী ৰোগী।
 
উল্লেখ্য যে ৬ নৱেম্বৰত ১৫৮ গৰাকী ৰোগীৰ ভিতৰত ৭৩ গৰাকী ৰোগীয়েই ডেংগুত আক্ৰান্ত হোৱা বুলি তথ্য পোহৰলৈ আহিছে। বৰ্তমান ডেংগুৰ ভয়াৱহতাৰ বাবে ডিফুৰ শিক্ষানুষ্ঠানসমূহ বন্ধৰ ঘোষণা কৰা হৈছে। 
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে দেওবাৰে এক জাননীৰ জৰিয়তে স্বায়ত্তশাসিত অঞ্চলটোৰ শিক্ষানুষ্ঠানসমূহ পাঁচ দিনলৈ বন্ধৰ কৰাৰ ঘোষণা  কৰিছে। 
বিষয়াসকলৰ মতে, ৭নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ অনানুষ্ঠানিক প্ৰাক-বিদ্যালয় (অংগনৱাড়ী)ৰ পৰা আৰম্ভ কৰি ডিফু পৌৰসভাৰ অন্তৰ্গত মহাবিদ্যালয় আৰু বৃহত্তৰ ডিফু টাউন এলেকাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী উভয় শিক্ষানুষ্ঠান পাঁচদিন বন্ধ থাকিব।
 
উল্লেখ্য যে, কাৰ্বি আংলঙত বৰ্তমানলৈ ডেংগুত আক্ৰান্ত হৈ মৃত্যু হৈছে  ৩ জন লোকৰ। বৰ্তমান পৰ্যন্ত  ডেংগুত আক্ৰান্ত হৈ আছে ৩০৮ গৰাকী লোক। 
আনহাতে কামৰূপ জিলাতো বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা। কামৰূপ জিলাত আক্ৰান্ত হৈছে ৮ জন, নলবাৰী, কামৰূপ গ্ৰাম্য আৰু হোজাই আদি জিলাত এজনকৈ লোক আক্ৰান্ত হৈছে। 
অৱশ্যে গুৱাহাটী পৌৰ নিগমে ডেংগু মহৰ উপদ্ৰৱ ৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ নলা–নৰ্দমাসমূহত এৰি দিছে এবিধ বিশেষ ধৰণৰ মাছ। যিয়ে নলাত মহৰ কণী খাই ৰোধ কৰিব ডেংগু মহৰ বংশ বৃদ্ধি।