দেশত নতুনকৈ ক'ভিড-১৯ ত অক্ৰান্ত ৯,০৬২ জন

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ  প্ৰতিবেদন অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক'ভিড-১৯ ত অক্ৰান্ত হৈছে ৯,০৬২ জন। বৰ্তমান সক্ৰিয় সংক্ৰমণৰ সংখ্যা হৈছে ১,০৫,০৫৮। সক্ৰিয় সংক্ৰমণৰ হাৰ ০.২৪ শতাংশ। 
 
মন্ত্ৰালয়ৰ তথ্য অনুসৰি ক'ভিড-১৯ ত অক্ৰান্ত হৈ মৃত্যু হৈছে ৩৬। মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫,২৭,১৩৪ । ইয়াৰ ভিতৰত আছে দিল্লীৰ ৮ জন, আৰু পঞ্জাৱৰ ৬ জন; অসম, ছত্তীশগড়, গোৱা, মহাৰাষ্ট্ৰ, নাগালেণ্ড, উৰিষ্যা, ছিকিম আৰু তেলেংগানাৰ পৰা ১ জনকৈ; গুজৰাট, জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ পৰা ২ জনকৈ।  
 
দৈনিক পজিটিভিতিৰ হাৰ ২.৪৯ শতাংশলৈ হ্ৰাস পাইছে। আনহাতে সাপ্তাহিক পজিটিভিতিৰ হাৰ ৪.৩৮ শতাংশ। যোৱা ২৪ ঘণ্টাত ক'ভিড-১৯ৰ পৰা প্ৰায় ১৫,২২০ জন লোক আৰোগ্য হৈছে। মুঠ আৰোগ্যৰ সংখ্যা হৈছে ৪,৩৬,৫৪,০৬৪ জন। বৰ্তমান পুনৰুদ্ধাৰৰ হাৰ ৯৮.৫৭ শতাংশ। দেশত এতিয়ালৈ ক'ভিড-১৯ৰ ৮৮.১০ কোটি পৰীক্ষা সম্পন্ন কৰা হৈছে। যোৱা ২৪ ঘণ্টাত ৩,৬৪,০৩৮ টা নমুনা পৰীক্ষা কৰা হৈছিল।