দেশত নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ১২,৬০৮ জন

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক প্ৰতিবেদন অনুসৰি, দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ১২,৬০৮ জন। মুঠ সংক্ৰমণৰ সংখ্যা হৈছে ৪৪,২৯৮,৮৬৪। বুধবাৰে এদিনতে আক্ৰান্ত হৈছে ৯,০৬২  জন। সক্ৰিয় সংক্ৰমণৰ সংখ্যা ১,০১,৩৪৩ লৈ হ্ৰাস পাইছে। বৰ্তমান সংক্ৰমণৰ হাৰ ০.২৩ শতাংশ।
 
ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৬ জন। মুঠ মৃত্যুৰ সংখ্যা ৫,২৭,২০৬ লৈ বৃদ্ধি পাইছে। সামগ্ৰিক মৃত্যুৰ হাৰ ১.১৯ শতাংশ। মৃত্যুৰ ভিতৰত আছে দিল্লীৰ ৮ জন, মহাৰাষ্ট্ৰৰ ৬ জন, হাৰিয়ানাৰ ৫ জন; পঞ্জাৱ আৰু পশ্চিম বংগৰ ৪ জনকৈ; কৰ্ণাটকৰ ৩ জন। আনহাতে ছত্তীশগড়, গুজৰাট, উৰিষ্যা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ  ২জনকৈ। মন্ত্ৰালয়ৰ অনুসৰি তথ্য অনুসৰি উত্তৰাখণ্ড, মধ্য প্ৰদেশ আৰু চণ্ডিগড়ৰ ১ জনকৈ। 
 
মন্ত্ৰালয়ৰ তথ্য অনুসৰি দৈনিক পজিটিভিতিৰ হাৰ ৩.৪৮ শতাংশ আৰু সাপ্তাহিক পজিটিভিতিৰ হাৰ ৪.২০ শতাংশ। ক'ভিড-১৯ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,৩৬,৭০,৩১৫ লৈ বৃদ্ধি হৈছে। ইফালে, দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত দেশত এতিয়ালৈ ২০৮.৯৫ কোটি পালি প্ৰদান কৰা হৈছে।