দেশত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত ৪,২৭০

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
দেশত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে ৪,২৭০। মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৪৩,১৭৬,৮১৭। যোৱা ২৪  ঘণ্টাত ৩,৯৬২  জন আক্ৰান্ত হৈছিল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত দেশখনত মুঠ ১৫ জন লোকৰ মৃত্যু হৈছে। মুঠ মৃত্যুৰ সংখ্যা ৫,২৪,৬৯২ জন।
 
স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত মুঠ ২,৬১৯ জন লোক আৰোগ্য হৈছে। মুঠ আৰোগ্যৰ হাৰ হৈছে ৯৮.৭৩%। দেশত সক্ৰিয় সংক্ৰমণৰ সংখ্যা ২৪,০৫২। মুঠ সংক্ৰমণৰ হাৰ ০.০৬%। দৈনিক পজিটিভিতিৰ হাৰ হৈছে ১.০৩%, আনহাতে সাপ্তাহিক পজিটিভিতিৰ হাৰ হৈছে ০.৮৪%। 
এতিয়ালৈ মুঠ ৮৫.২৬ কোটি নমুনা পৰীক্ষা কৰা হৈছে। যোৱা ২৪ ঘণ্টাত ৪,১৩,৬৯৯ টা পৰীক্ষা সম্পন্ন কৰা হৈছে। দেশত মুঠ ১৯৪.০৯ কোটি ভেকছিন পালিত প্ৰদন কৰা হৈছে।
১২ ৰ পৰা ১৪ বছৰ বয়সৰ বাবে ৩.৪৪ কোটিতকৈও অধিক প্ৰথম পালি আৰু ১.৭৬ কোটিতকৈও অধিক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ লোকসকলক ৫.৯৬ কোটিতকৈও অধিক প্ৰথম পালি আৰু ৪.৬২ কোটিতকৈও অধিক দ্বিতীয় পালি দিয়া হৈছে।
 
ইফালে, ৬০ বছৰৰ অধিক বয়সৰ লোক, স্বাস্থ্যসেৱা কৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলক ৩.৩৯ কোটিৰো অধিক সাৱধানতা পালি (বুষ্টাৰ শ্বট) প্ৰদান কৰা হৈছে।