লণ্ডন
যোৱা দশকবোৰত এক বৃহৎ বিশ্বব্যাপী প্ৰচেষ্টাই মাৰাত্মক ভাইৰাছ পলিঅ’ক বিশ্বৰ পৰা প্ৰায় নিৰ্মূল কৰিছে যদিও লণ্ডনত শেহতীয়াকৈ এই ভাইৰাছ ধৰা পৰাৰ বাতৰি পোহৰলৈ আহিছে। লণ্ডনৰ এটা নলা-নৰ্দমাৰ নমুনাত ভেকচিনৰ পৰা আহৰণ কৰা এক প্ৰকাৰৰ পলিঅ’ ভাইৰাছ ধৰা পৰিছে বুলি বিশ্ব স্বাস্থ্য সংস্থা আৰু ব্ৰিটিছ স্বাস্থ্য বিষয়াই বুধবাৰে প্ৰকাশ কৰিছে। অৱশ্যে, এই বিষয়ত অধিক বিশ্লেষণ চলি আছে বুলি তেওঁলোকে জানিবলৈ দিছে।
উল্লেখ্য যে, দুটা দশক পূৰ্বে এই পংগুতা সৃষ্টিকাৰী ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা ব্ৰিটেইনত কোনো মানৱ দেহত পলিঅ’ৰ উপস্থিতি দেখিবলৈ পোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতিত কয় যে ব্ৰিটেইনৰ ৰাজধানীত পৰিৱেশৰ নমুনাত টাইপ-২ ভেকচিনৰ পৰা আহৰণ কৰা পলিঅ’ভাইৰাছ (VDPV2)ৰ সন্ধান পোৱা গৈছে।
“এয়া গুৰুত্বপূৰ্ণ যে কেৱল পৰিৱেশৰ নমুনাৰ পৰা ভাইৰাছটো পৃথক কৰা হৈছে আৰু কোনো সংশ্লিষ্ট পক্ষাঘাতৰ ঘটনা ধৰা পৰা নাই। কিন্তু,যিকোনো স্থানত ধৰা পৰা যিকোনো ধৰণৰ পলিঅ’ ভাইৰাছে সকলো ঠাইৰ শিশুৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে। ”-বিবৃতিটোত এইদৰে কোৱা হৈছে।
উল্লেখ্য যে, ১৯৮৮ চনত বিশ্বৰ ১২৫ খন দেশত পলিঅ’ৰ প্ৰাদুৰ্ভাৱ আছিল আৰু বিশ্বজুৰি ৩,৫০,০০০ পলিঅ' আক্ৰান্ত ৰোগী আছিল। কিন্তু, ইয়াৰ বিৰুদ্ধে বিশ্বব্যাপী চলা টিকাকৰণ অভিযানৰ ফলত এতিয়া পলিঅ'ৰোগ ৯৯% হ্ৰাস পাইছে। এই ভাইৰাছ এতিয়া কেৱল আফগানিস্তান আৰু পাকিস্তানতহে বিদ্যমান। বৰ্তমান পৃথিৱীত বৰ্তি থকা পলিঅ' ভাইৰাছ পূৰ্বৰ দৰে শক্তিশালী নহয় যদিও প্ৰতিষেধক নোপোৱা শিশুক এই ৰোগে গুৰুতৰভাৱে আক্ৰান্ত কৰি পক্ষাঘাতৰ সৃষ্টি কৰিব পাৰে।
বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি, ২০২০ চনত বিশ্বজুৰি ৯৫৯ জন লোক পলিঅ’ ভাইৰাছত আক্ৰান্ত হৈছিল। ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাই বিশ্বজুৰি অ’পিভি পৰ্যায়ক্ৰমে বন্ধ কৰি তাৰ ঠাইত নিষ্ক্ৰিয় পলিঅ’ ভেকচিন (আইপিভি) ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।
ব্ৰিটেইনে ২০০৪ চনত অ’পিভি ব্যৱহাৰ বন্ধ কৰিছিল, আৰু ব্ৰিটিছ স্বাস্থ্য কৰ্তৃপক্ষই কয় যে নলাৰ নমুনাত পোৱা এই ভাইৰাছটো শেহতীয়াকৈ বিদেশত ইয়াৰ দ্বাৰা টিকাকৰণ কৰা কোনোবাই আমদানি কৰাৰ সম্ভাৱনা আছে।
U.K. Health Security Agency (UKHSA) য়ে জনোৱা মতে, “২০২২ চনৰ ফেব্ৰুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত লণ্ডন বেকটন নলা-নৰ্দমা পৰিশোধন ৱৰ্কছৰ পৰা সংগ্ৰহ কৰা একাধিক নলা-নৰ্দমাৰ নমুনাত” এই ভাইৰাছ পৃথকীকৰণ পোৱা গৈছে।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood