শীঘ্ৰেই বৃদ্ধি পাব কৰ্কট ডায়েবেটিছ, হৃদৰোগৰ ঔষধ এন্টিবায়'টিকৰ দাম

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
কর্কট, ডায়েবেটিছ, হৃদৰোগকে ধৰি কেইবাবিধো ৰোগৰ ঔষধ আৰু অন্যান্য এন্টিবায় 'টিকৰ শীঘ্রে দাম বাঢ়িব। বিজনেছ টুডেৰ বাতৰিমতে এই জীৱনৰক্ষাকাৰী ঔষধৰ দাম ১.৭ শতাংশপর্যন্ত বৃদ্ধি পোৱাটো খাটাং।
 
সর্বসাধাৰণে এই মূল্যবৃদ্ধিত অধিক জীয়াতু ভুগিব যদিও ঔষধ প্রস্তুতকাৰী কোম্পানীসমূহে মূল্যবৃদ্ধিৰ সিদ্ধান্তক আদৰণি জনাইছে। অল ইণ্ডিয়া অর্গেনাইজেচন অব্ কেমিষ্ট এণ্ড ড্রাগিষ্টৰ (এ আই অ'চি ডি) সাধাৰণ সম্পাদক ৰাজীৱ সিংঘালে ঔষধ প্রস্তুতত ব্যৱহৃত প্রয়োজনীয় কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু অন্যান্য ব্যয় বৃদ্ধিৰ বাবে সংকটৰ সন্মুখীন হৈ আহিছে, কিঞ্চিৎ মূল্যবৃদ্ধিয়ে ফার্মা কোম্পানীসমূহক সকাহ দিব।
 
তেওঁৰ মতে নতুন নিৰিখৰ ঔষধসমূহ বজাৰলৈ আহিবলৈ কমেও নবৈ দিন লাগিব। ঔষধৰ মূল্য নিয়ন্ত্ৰণৰ বাবে নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথ'ৰিটিয়ে নির্ধাৰণ কৰি দিয়া নিৰিখতকৈ বহু কোম্পানীয়ে নির্দেশনা অমান্য কৰি উচ্চ নিৰিখত দৰব বিক্ৰী কৰি আহিছে।
 
এনে ফার্মা কোম্পানীসমূহে নির্দেশনা ভংগ কৰি ঔষধৰ দাম বৃদ্ধি ঘটোৱা ৩০৭ টা ঘটনা ধৰা পেলাইছে। বিষয়টো ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ৰাসায়নিক আৰু সাৰ বিভাগৰ সংসদীয় স্থায়ী কমিটীলৈ।