অসমত ১১ খন চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজৰ পৰ্যালোচনা; নিৰ্দিষ্ট সময়ত কাম শেষ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Story by  atv | Posted by  [email protected] • 14 h ago
অসমত ১১ খন চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজৰ পৰ্যালোচনা
অসমত ১১ খন চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজৰ পৰ্যালোচনা
 
গুৱাহাটী
 
অসমৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি আৰু চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণৰ ওপৰত চৰকাৰে লোৱা বিশেষ গুৰুত্বৰ কথা পুনৰ দোহাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাজ্যখনত নিৰ্মীয়মাণ অৱস্থাত থকা ১১ খন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।
 
গুৱাহাটীৰ লোক সেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত শৰ্মাই চলি থকা প্ৰকল্পসমূহৰ বৰ্তমানৰ স্থিতিৰ মূল্যায়ন কৰে। ইয়াৰ উপৰিও নিৰ্মাণ কাৰ্য আৰম্ভ হ’বলৈ বাকী থকা আন চাৰিখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰশাসনিক প্ৰস্তুতিৰো পৰ্যালোচনা কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
 
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নত, আধুনিক আৰু সুলভ মূল্যৰ চিকিৎসা সেৱা সকলোৰে বাবে সহজলভ্য কৰি এখন শক্তিশালী স্বাস্থ্য ব্যৱস্থা গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ এই প্ৰকল্পসমূহৰ নিয়মীয়া নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে আৰু চিকিৎসা শিক্ষা সঞ্চালকালয়ক মাজে-সময়ে নিৰ্মাণস্থলীবোৰ পৰিদৰ্শন কৰিবলৈ তথা নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ কয়।
 
শৰ্মাই কয় যে ধাৰাবাহিক তত্ত্বাৱধানে সমগ্ৰ ৰাজ্যতে স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাৰ গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ৰূপায়ণ ক্ষিপ্ৰতৰ কৰাত সহায় কৰিব।
 
এই পৰ্যালোচনা বৈঠকত বি এছ চি নাৰ্চিং আৰু জেনেৰেল নাৰ্চিং এণ্ড মিডৱাইফেৰী প্ৰতিষ্ঠানসমূহৰ কাৰ্যকলাপ আৰু প্ৰগতিৰ বিষয়েও আলোচনা কৰা হয়। লগতে, অনাগত দিনত হ’বলগীয়া চিকিৎসা আন্তঃগাঁথনি প্ৰকল্পসমূহৰ সৈতে জড়িত থকা 'প্ৰজেক্ট মেনেজমেণ্ট কনচুলেটণ্ট' সকলৰ দায়িত্বৰ বিষয়েও আলোচনা কৰা হয়।
 
বহনক্ষম উন্নয়নৰ গুৰুত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বন বিভাগৰ সৈতে মিলি চিকিৎসা মহাবিদ্যালয়সমূহৰ চৌহদৰ ভিতৰত বৃক্ষৰোপণ কাৰ্যসূচী চলাবলৈ আহ্বান জনায়। তেওঁ কয় যে এই পদক্ষেপে পৰিৱেশ সংৰক্ষণত অৰিহণা যোগোৱাৰ লগতে মহাবিদ্যালয় চৌহদৰ পৰিৱেশো উন্নত কৰিব।
 
এই বৈঠকত বিধায়ক তৰংগ গগৈ, মুখ্য সচিব ৰবি কোটা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব কে কে দ্বিবেদী আৰু চিকিৎসা শিক্ষা ও গৱেষণা বিভাগ তথা লোকনিৰ্মাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।