২৪ ঘণ্টাত তিনিখন আইজল বিদ্যালয়ৰ ৮০ জন শিক্ষাৰ্থী কোভিড পজিটিভ

Story by  atv | Posted by  Munni Begum • 2 Years ago
কোভিড - ১৯
কোভিড - ১৯
গুৱাহাটী
 
বিগত ২৪ ঘণ্টাত আইজলৰ তিনিখন ব্যক্তিগত বিদ্যালয়ৰ ৮০ জন শিক্ষাৰ্থীসহ কমেও ২১২ জন লোকৰ দেহত কোভিডৰ উপস্থিতি  ধৰা পৰিছে। 
 
মিজোৰামৰ তথ্য আৰু জনসম্পৰ্ক বিভাগে জাৰি কৰা এক বিবৃতিত প্ৰকাশ কৰা হৈছে যে আইজল জিলাৰ দুজন ব্যক্তি দেওবাৰে নিশা কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে। যাৰ ফলত মৃত্যুৰ সংখ্যা ৪৭৯ জনলৈ বৃদ্ধি পাইছে।  ২৪ ঘণ্টাত পজিটিভিতিৰ হাৰ ১৯.৩১ শতাংশলৈ বৃদ্ধি হৈছে। কিয়নো নতুন ঘটনাবোৰ ১,০৯৮ টা নমুনা পৰীক্ষাৰ পৰা চিনাক্ত কৰা হৈছিল। দেওবাৰে মুঠ ৫০৯ জন লোক এই ৰোগৰ পৰা আৰোগ্য হৈছে। যাৰ ফলত মুঠ আৰোগ্য সংখ্যা হৈছে ১২৬,৬৭২ জন।
 
নতুনকৈ সংক্ৰমিত হোৱা ২১২ টা ঘটনাৰ ভিতৰত আইজল জিলাত ১৪৯ টা, চম্ফাই জিলা (২৪), খাওজল জিলা (১৪), লুংলেই জিলা (১০), মামিত জিলা (৬), চেৰছিপ জিলা (৪), কোলাচিব জিলা (৩) আৰু লংটলাই জিলাত ২টা সংক্ৰমিত হৈছে।  বৰ্তমান সক্ৰিয়ৰ সংখ্যা ৪৭৪৬ হৈছে।  
 
ৰাজ্যিক স্বাস্থ্য বিভাগৰ মতে, ৰাজ্যখনে এতিয়ালৈকে কোভিড-১৯ৰ বাবে ১৩.৯৯ লাখ নমুনা পৰীক্ষা কৰিছে। শনিবাৰৰ আগলৈকে৭.১০ লাখৰো অধিক লোকক টিকাকৰণ কৰা হৈছে। যাৰ ভিতৰত ৫.৪৬ লাখৰো অধিক লোকক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে।