ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে HIV আক্রান্তৰ সংখ্যা

Story by  atv | Posted by  [email protected] • 2 Months ago
ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে HIV আক্রান্তৰ সংখ্যা
ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে HIV আক্রান্তৰ সংখ্যা
 
গুৱাহাটী 
 
অসমত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে এইচ আই ভি পজিটিভ লোকৰ সংখ্যা। ৰাজ্যখনৰ কামৰূপ মহানগৰ, কাছাৰ, ডিব্ৰুগড়, নগাঁও, যোৰহাট, কৰিমগঞ্জ আদি জিলাত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে এইডছ আক্রান্ত লোকৰ সংখ্যা। উদ্বেগজনকভাৱে ২০২৩ চনলৈকে ৰাজ্যখনত চিনাক্ত হৈছে সর্বমুঠ ৩১,৭২৯ গৰাকী লোক। 
 
 
শুকুৰবাৰে বিধানসভাৰ মজিয়াত এই উদ্বেগজনক তথ্য সদৰী কৰে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই। ৰাজ্যত এইচ আই ভি পজিটিভ লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে বুলি স্বীকাৰ কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে ছিৰিঞ্জেৰে ড্ৰাগছ গ্ৰহণৰ প্ৰক্ৰিয়াটোৱেই এনে সংক্রমণ বৃদ্ধি পোৱাৰ মুখ্য কাৰণ বুলি কয়। 
 
শুকুৰবাৰে বিধানসভাৰ প্রশ্নোত্তৰ কালছোৱাত কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাই উত্থাপন কৰা মৌখিক প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিয়েই এনে ভয়াৱহ তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই জনায় যে ২০০২ চনৰ পৰা ২০২৩ চনলৈ ৰাজ্যৰ ৮৯,৮৪,৫১৯ গৰাকী লোকৰ এইচ আই ভি পৰীক্ষা কৰাৰ পিচত ৩১,৭২৯ গৰাকী লোক এইচ আই ভি পজিটিভ বুলি চিনাক্ত হয়। 
 
আনহাতে অকল ২০২৩ চনত বছৰটোৰ ডিচেম্বৰলৈকে ৯,৯০,৩৭২ গৰাকী ব্যক্তিৰ এইচ আই ভি পৰীক্ষা কৰাৰ পিচত ৫,৭৯১ গৰাকী ব্যক্তি এইডছ আক্রান্ত হোৱাটো চিনাক্ত কৰা হয় বুলিও স্বাস্থ্য মন্ত্রীয়ে সদনত সদৰী কৰে। গতিকে ৰাজ্যত এইডছ আক্রান্ত ব্যক্তিৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ গৃহ জিলা নগাঁৱতো এইডছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি স্বাস্থ্য মন্ত্ৰীয়ে কয়। 
 
ৰাজ্যৰ কেইবাখনো জিলাত যে এইডছ আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পাইছে- এই তথ্যও সদৰী কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনোৱামতে ৰাজ্যত চিনাক্ত হোৱা মুঠ ৩১,৭২৯ গৰাকী এইচ আই ভি পজিটিভ লোকৰ ভিতৰত কামৰূপ মেট্ৰ'ত ৮,৯৬০ গৰাকী এইচ আই ভি পজিটিভ লোক থকাৰ লগতে কাছাৰ জিলাত ৫,৮২৩ গৰাকী আৰু নগাঁও জিলাত ৩,০৪৯ গৰাকী এইচ আই ভি পজিটিভ ব্যক্তি চিনাক্ত হৈছে। 
 
তদুপৰি ডিব্ৰুগড় জিলাত ১,৭৩৬ গৰাকী, যোৰহাটত ১,১০৮ গৰাকী আৰু কৰিমগঞ্জ জিলাত ১,০৬৩ গৰাকী এইচ আই ভি পজিটিভ ব্যক্তি চিনাক্ত হোৱাৰো তথ্য সদৰী কৰে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই। এইডছ আক্রান্ত লোকৰ সংখ্যা এইদৰে অস্বাভাবিকভাৱে বৃদ্ধি পোৱাৰ আঁৰত জড়িত হৈ থকা অন্যান্য কাৰকৰ ভিতৰত ছিৰিঞ্জেৰে ড্ৰাগছ গ্রহণেই যে অন্যতম জগৰীয়া, সেই কথাও সদনত সদৰী কৰি স্বাস্থ্য মন্ত্রীয়ে কয়- 'এটা সময়ত যৌন সম্পৰ্কৰ কাৰণে এয়া হৈছিল, এতিয়া ছিৰিঞ্জেৰে ড্ৰাগছ গ্রহণেই বেছিকৈ সংক্রমণ হোৱাৰ কাৰণ হৈ পৰিছে। ইয়াৰ পূৰ্বে সদনত এই সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি প্রশ্নকর্তা বিধায়িকা শিৱামণি বৰাই কয় যে অসমত দিনে দিনে এইডছ আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে। 
 
প্রায় ৫০ শতাংশ ড্ৰাগছ ব্যৱহাৰ কৰা লোকৰ ক্ষেত্ৰতে অধিক এইচ আই ভি পজিটিভ বুলি চিনাক্ত হৈছে। ক'ভিডৰ পিচত এইডছ সন্দর্ভত সজাগতা তথা প্ৰচাৰ কমি যোৱাটো পৰিলক্ষিত হৈছে বুলিও বিধায়িকাগৰাকীয়ে কয়। সঠিক সময়ত যদি ইয়াৰ প্ৰতিৰোধৰ বাবে সঠিক ব্যৱস্থা লোৱা নহয়, তেনেহ'লে অসমত ভয়াৱহ সমস্যাৰ সৃষ্টি হ'ব বুলিও মন্তব্য কৰি এইচ আই ভি নিয়ন্ত্ৰণৰ বাবে যথাযথ পদক্ষেপ গ্রহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় বিধায়িকাগৰাকীয়ে। বিধায়িকাগৰাকীৰ প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্রীয়ে লগতে এইডছ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ কথা দোহাৰি সদনত উল্লেখ কৰামতে এন এ চি অ' মাণ্ডেট অনুসৰি এইচ আই ভি পজিটিভ লোকৰ চিনাক্ত আৰু নিশ্চিতকৰণ ষ্টেণ্ড এল'ন ইন্টিগ্রেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ (আই চি টি চি)ত কৰা হয়। 
 
সেয়েহে চিনাক্ত আৰু নিশ্চিতকৰণৰ সম্পূৰ্ণ তথ্য আই চি টি চিৰ দ্বাৰা অসম ৰাজ্যিক এইডছ নিয়ন্ত্রণ সমিতিক উপলব্ধ কৰোৱা হয়। অসমত সর্বমুঠ ১০৭ টা ষ্টেণ্ড এল'ন আই চিটি চি অসম ৰাজ্যিক এইডছ নিয়ন্ত্রণ সমিতিৰ অধীনত কৰ্মৰত হৈ আছে। অসম চৰকাৰৰ অধীনত ব্যাপক এইচ আই ভি সজাগতা সৃষ্টি কৰাৰ বাবে জনসাধাৰণে এইচ আই ভি প্ৰতিৰোধৰ বিষয়ে সজাগ হৈছে আৰু ফলত জনসাধাৰণ এইচ আই ভি কেন্দ্রলৈ আগবাঢ়ি আহিছে আৰু চিনাক্তকৰণৰ সংখ্যা বাঢ়িছে বুলিও স্বাস্থ্য মন্ত্রীয়ে কয়। 
 
ইফালে নগাঁও জিলাত এইচ আই ভি পজিটিভ লোকৰ সংখ্যা বৃদ্ধি পোৱাত এই সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি বিধায়ক ৰূপক শর্মাই কয় যে বর্তমান স্বাস্থ্য বিভাগৰ জৰিয়তে যিবিলাক এইডছ প্ৰতিৰোধী শিবিৰ হৈ আছে, তাত মানুহ মাতি নি পৰীক্ষা কৰাৰ ফলত নগাঁও জিলাত এইচ আই ভি পজিটিভৰ এই সংখ্যা পোৱা গৈছে। মুঠ ৩১,৭২৯ গৰাকী লোকৰ এইচ আই ভি পৰীক্ষা কৰাৰ পিচত এই সংখ্যা প্রাপ্ত হৈছে। এই সংখ্যা আৰু বহু বেছি হ'ব পাৰে বুলিও উদ্বেগ ব্যক্ত কৰি এইচ আই ভি নিয়ন্ত্ৰণৰ কাৰণে আৰু সজাগতামূলক ব্যৱস্থা লোৱাৰ বাবে অনুৰোধ জনায় বিধায়কগৰাকীয়ে।